ETV Bharat / city

নলবাৰীত কৰ্মচাৰী পৰিষদৰ প্ৰধান মৃনাল দাসলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : May 16, 2021, 8:18 PM IST

নলবাৰীত প্ৰাক্তন ছাত্ৰনেতা, কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃনাল দাসলৈ শ্ৰদ্ধাঞ্জলি ৷ উপস্থিত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া ৷

নলবাৰীত কৰ্মচাৰী পৰিষদৰ প্ৰধান মৃনাল দাসলৈ শ্ৰদ্ধাঞ্জলী

নলবাৰী, 16 মে' : প্ৰাক্তন ছাত্ৰ নেতা তথা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃনাল দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ কৰ’ণাত আক্ৰান্ত হৈ তামুলপুৰৰ নিৱাসী মৃনাল দাসে শনিবাৰে জি এম চি এইচত মৃত্যুক সাৱটি হয় ৷ মৃত্যুৰ সময়ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান হিচাপে দায়িত্ব পালন কৰি আছিল মৃনাল দাস ৷

দাসৰ মৃত্যুত নলবাৰী শ্বহীদ ভৱন বাকৰিত নলবাৰী জিলা কৰ্মচাৰী পৰিষদ আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক পংকজ বৰ্মনে আঁতধৰা অনুষ্ঠানত প্ৰয়াত মৃনাল দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচাৰ্য্যই ৷ লগতে মাল্যৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাই ৷

বন্তি প্ৰজ্বলন আৰু পুস্প শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰে ক্ৰমে কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য উমেশ দাস, দীনবন্ধু ডেকা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উপদেষ্টা নিৰোদ দাস, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা, উদয় বৰ্মন, উপদেষ্টা হেমেন চৌধুৰী, উপ-সভাপতি অতুল কলিতা, অমল দাস, নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি মনোৰঞ্জন শৰ্মা, সম্পাদক মইনুল হক, নলবাৰী জিলা মজলীয়া শিক্ষক সন্থাৰ সভাপতি বিজয় বৰুৱা ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক প‌‌‌‌‌‌‌‌‌‍ংকজ বৰ্মনে এক শোক প্ৰস্তাৱ পাঠ কৰে আৰু উপস্থিত সকলোৱে প্ৰয়াত মৃনাল দাসৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক : গুৱাহাটীত পদে পদে ক’ভিড বিধি উলংঘা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.