ETV Bharat / city

বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচন অবৈধঃ বৰদেউৰী সমাজ - বিল্বেশ্বৰ দেৱালয়

শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচন প্ৰক্ৰিয়া অবৈধ হোৱা বুলি শুভাকাংক্ষী সমাজ আৰু বৰদেউৰী সকলে সৰৱ হৈ পৰে ৷ অতি শীঘ্ৰে অবৈধ প্ৰক্ৰিয়াৰে হোৱা দলৈ নিৰ্বাচন বাতিল কৰাৰো দাবী উত্থাপন কৰে বৰদেউৰী সকলে ।

Bordeuri Samaj Protest Against Bilbeswar Managing Committee
বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচন অবৈধঃবৰদেউৰী সমাজ
author img

By

Published : Aug 26, 2020, 10:32 PM IST

নলবাৰী,26 আগষ্টঃ শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচন প্ৰক্ৰিয়া অবৈধ হোৱা বুলি নলবাৰীত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ শুভাকাংক্ষী সমাজে নলবাৰী জিলা প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰে । সংবাদ মেলত বিল্বেশ্বৰ দেৱালয়ৰ বৰদেউৰী সকল উপস্থিত থাকি সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰে ৷

Bordবিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচন অবৈধঃবৰদেউৰী সমাজeuri Samaj Protest Against Bilbeswar Managing Committee

উল্লেখ্য যে, ১৬ আগষ্টত অনুষ্ঠিত হৈছিল বিল্বেশ্বৰ দেৱালয়ৰ এখন সাধাৰণ সভা । এই সাধাৰণ সভাত ৪৫৬ গৰাকী বৰ দেউৰীৰ ভিতৰত ১৯৮ গৰাকী বৰ দেউৰী উপস্থিত আছিল । এই সাধাৰণ সভাত দলৈ নিৰ্বাচিত হৈছিল ৰঞ্জিত মিশ্ৰ । কিন্তু বুধবাৰে এক সংবাদ মেল যোগে অবৈধ ভোটাৰ তালিকাৰে দলৈ নিৰ্বাচন হোৱা বুলি অভিযোগ উত্থাপন কৰে বৰদেউৰী সকলৰ লগতে শুভাকাংক্ষী সমাজে । সংবাদ মেলত ভোটাধিকাৰ নথকা লোকেও সিদিনা ভোটাধিকাৰ সাব্যস্ত কৰি দলৈ নিৰ্বাচনত অংশ লোৱা বুলিও তথ্য সহকাৰে অভিযোগ উত্থাপন কৰে বৰদেউৰী সকলে । অতি শীঘ্ৰে অবৈধ প্ৰক্ৰিয়াৰে হোৱা দলৈ নিৰ্বাচন বাতিল কৰাৰো দাবী উত্থাপন কৰে বৰদেউৰী সকলে । তাৰোপৰি সংবাদ মেলত উপস্থিত থকা বৰদেউৰী সকলে কয় যে, শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ নিৰ্বাচনৰ ক্ষেত্ৰত ক'ভিডৰ নীতি- নিয়ম উলংঘা কৰাৰো অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক- একাধিক দল সংগঠনৰ প্ৰতিবাদ উত্তাল গোলাঘাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.