ETV Bharat / city

ঘৰলৈ নাযাও, বৃদ্ধাশ্ৰমতেই মই সুখীঃ ড৹ নন্দেশ্বৰ ৰাজ মেধি

author img

By

Published : May 28, 2019, 9:59 PM IST

Updated : May 28, 2019, 11:30 PM IST

গুৱাহাটীৰ সন্দিকৈ কলেজত সুদীৰ্ঘ ৩২ বছৰে অধ্যাপনা কৰিছিল ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে । পিচে এতিয়া অসুস্থ হৈ পৰাৰ লগে লগে তেওঁৰ ওপৰত চৰম নিৰ্যাতন আৰম্ভ হ'ল উচ্চ শিক্ষিত পুত্ৰ - কন্যাৰ । অসুস্থ পিতৃৰ খা-খবৰ , স্বাস্থ্যৰ যতন লোৱাটো দূৰৰে কথা ধন বিচাৰি পিতৃ - মাতৃক দৈনিক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে কনিষ্ঠ পুত্ৰৰ বিৰুদ্ধে ৷

এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী অসহায় অধ্যাপক

নলবাৰী, 28 মে': এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী অসহায় অধ্যাপক ৷ নিজৰ পুত্ৰ-কন্যাৰ চৰম নিৰ্যাতনৰ সম্মুখীন হৈ সম্পূৰ্ণ ভাগি পৰিছে শিক্ষকগৰাকী ৷ দিক-বিদিক হেৰুৱাই অৱশেষত আত্মহত্যাৰ চেষ্টাও চলাইছিল অধ্যাপকগৰাকীয়ে ৷ গুৱাহাটীৰ সন্দিকৈ কলেজত সুদীৰ্ঘ ৩২ বছৰে অধ্যাপনা কৰিছিল ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে । ১৮ বছৰ পূৰ্বে অৰ্থাৎ ২০০২ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অধ্যাপক গৰাকীয়ে বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰিছিল । পিচে এতিয়া অসুস্থ হৈ পৰাৰ লগে লগে তেওঁৰ ওপৰত চৰম নিৰ্যাতন আৰম্ভ হ'ল উচ্চ শিক্ষিত পুত্ৰ - কন্যাৰ । অসুস্থ পিতৃৰ খা-খবৰ , স্বাস্থ্যৰ যতন লোৱাটো দূৰৰে কথা ধন বিচাৰি পিতৃ - মাতৃক দৈনিক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে কনিষ্ঠ পুত্ৰৰ বিৰুদ্ধে । নিজৰ পুত্ৰৰ দৈনিক মাৰপিট সহিব নোৱাৰি কেইবাবাৰো ৰে'লৰ আগত পৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল দুবাৰকৈ ডক্টৰেট ডিগ্ৰীধাৰী পিতৃয়ে ।

এখন আগশাৰীৰ মহাবিদ্যালয়ৰ এগৰাকী অসহায় অধ্যাপক

সেই গৰাকী বিদ্বগ্ধ পণ্ডিতে মহানগৰীৰ সন্দিকৈ কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিচত নিগাজিকৈ থাকিবলৈ লৈছিল নলবাৰী চহৰৰ উদয়পুৰত । নিজৰ কষ্ট উপাৰ্জিত ধনেৰে দুই পুত্ৰক স্বাবলম্বী কৰোৱাৰ লগতে বিবাহ কাৰ্যও সম্পাদন কৰাই দিছিল । পিছে অকৰ্মন্য কনিষ্ঠ পুত্ৰই সুৰাসক্ত হৈ প্ৰায়েই পিতৃ - মাতৃক মাৰপিট কৰি ঘৰখনত এক অশান্তিৰ পৰিবেশ বিৰাজ কৰাই অহাৰ অভিযোগ পিতৃৰ । শিক্ষাবিদ ড৹ মেধিৰ বিবাহিত তিনি কন্যাই ও খবৰ নলয় পিতৃৰ । পেঞ্চনৰ ধনখিনিয়ে কাল হৈছে বৃদ্ধ পিতৃৰ । আনহাতে, স্বামীৰ অসুস্থতা , দুখ-সুখৰ সমভাগী হ'বলৈ থকা পত্নীও নিৰুপায় । স্বামীক নিৰ্যাতন চলোৱা কাৰ্যৰ বাধা দিলেই মাতৃৰ ওপৰতো চলে চৰম অত্যাচাৰ ।

উপায় বিহীন হৈ অধ্যাপক গৰাকীয়ে ৰে'ল আলি আৰু ফুটপাঠতেই বহুদিন ধৰি থাকিবলৈ লয় ৷ অৱসৰপ্ৰাপ্ত অধ্যাপক ডo মেধিৰ তেনে দুৰ্দশাৰ কথা জানি কোনো এগৰাকী শুভাকাংক্ষীয়ে দিয়া খবৰৰ ভিত্তিত নলবাৰী শান্তি নিৱাস আশ্ৰমৰ স্বত্বাধিকাৰী তথা সংবাদদাতা মজিবুৰ ৰহমানে তেওঁক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে শান্তি নিৱাসত । যাৰ ফলস্বৰূপে এক নিশ্চিত অঘটনৰ পৰা ৰক্ষা পৰিল অধ্যাপকগৰাকী । কিন্তু অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীৰ এনে দুৰাৱস্থা সহজভাৱে ল'ব পৰা নাই গুণমুগ্ধ সকলে৷ তথাপিও পুত্ৰৰ অত্যাচাৰত সৰ্বস্ৰান্ত হোৱা অধ্যাপকগৰাকীয়ে বৃদ্ধাশ্ৰমতেই বিচাৰি পাইছে সকলো সুখ ৷ জীয়াই থকাৰ আশা হেৰুৱাই পেলোৱা ব্যক্তিজনে মজিবুৰ ৰহমানৰ শুশ্ৰষাৰ মাজতেই বিচাৰি পাইছে পুত্ৰ স্নেহ ৷ পত্নীয়ে বৃদ্ধাশ্ৰমলৈ কৰা ফোনকলত কৈ গ'ল "সুখ বিচাৰি ঘৰলৈ আহিব নালাগে আপুনি তাতেই থাকক৷"

Slug Professor story
28may 
Story Live u.

*সন্দিকৈ কলেজৰ অধ্যাপকৰ দুখ*।

 *আত্মহত্যাৰ প্ৰচেষ্টা ড৹ নন্দেশ্বৰ ৰাজ মেধিৰ*।

V.O=এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰেলৰ আগত পৰি আত্মহত্যা কৰিব বিছৰা এক হৃদয়স্পৰ্শী কাহিনী । নিজৰ পুত্ৰ - কন্যাৰ চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা অধ্যাপক গৰাকী হৈছে ড৹ নন্দেশ্বৰ ৰাজ মেধি । নিজ গৃহত চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা আশী উৰ্ধৰ বৃদ্ধ ড৹ নন্দেশ্বৰ ৰাজ মেধিক অবশেষত  আশ্ৰয়ৰ ব্যৱস্থা কৰিলে নলবাৰী শান্তি নিৱাস বৃদ্ধা ও অনাথ আশ্ৰমে । গুৱাহাটীৰ সন্দিকৈ কলেজত সুদীৰ্ঘ ৩২ বছৰে অধ্যাপনা কৰিছিল ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে । ১৮ বছৰ পূৰ্বে অৰ্থাৎ ২০০২ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অধ্যাপক গৰাকীয়ে বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰিছিল । পিছে দেহৰ জোখাৰে এতিয়া অসুস্থ হৈ পৰাৰ লগে লগে তেওঁৰ ওপৰত চৰম নিৰ্যাতন আৰম্ভ হ'ল উচ্চ  শিক্ষিত পুত্ৰ - কন্যাৰ । চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত পেঞ্চনৰ ধনেৰে বৰপুত্ৰক লক্ষীমপুৰত চাহ বাগিছাৰ ব্যৱসায় গঢ়াত  সহযোগ কৰে পিতৃয়ে । অসুস্থ পিতৃৰ খা খবৰ , স্বাস্থ্যৰ যতন লোৱাটো দুৰৰে কথা ধন বিছাৰি পিতৃ - মাতৃক দৈনিক মাৰপিট কৰি অহাৰ গুৰুতৰ অভিযোগ কনিষ্ঠ পুত্ৰৰ বিৰুদ্ধে । নিজৰ পুত্ৰৰ দৈনিক মাৰপিট সহিব নোৱাৰি কেবাবাৰো ৰেলৰ আগত পৰি আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল দুবাৰকৈ ডক্টৰেট ডিগ্ৰীধাৰী পিতৃয়ে । মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বাৰ এম এ ডিগ্ৰী লোৱাৰ পিছত দ্বিতীয়বাৰ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লোৱা ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে ১৯৭৭ চনত প্ৰথমবাৰ ডক্টৰেট ডিগ্ৰী লৈছিল । পিছত অসমীয়া সংস্কৃতিৰ ওপৰত পুনৰবাৰ ডক্টৰেট ডিগ্ৰী লৈছিল পৰবৰ্ত্তী সময়ত । সেই গৰাকী বিদ্বগ্ধ  পণ্ডিতে মহানগৰীৰ সন্দিকৈ কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত নিগাজিকৈ থাকিবলৈ লৈছিল নলবাৰী চহৰৰ উদয়পুৰত । নিজৰ কষ্ট উপাৰ্জিত ধনেৰে দুই পুত্ৰক স্বাবলম্বী কৰোৱাৰ লগতে বিবাহ কাৰ্যও সম্পাদন কৰাই দিছিল । পিছে অকৰ্মন্য কনিষ্ঠ পুত্ৰই সুৰাসক্ত হৈ প্ৰায়েই পিতৃ - মাতৃক মাৰপিট কৰি ঘৰখনত এক অশান্তিৰ পৰিবেশ বিৰাজ কৰাই অহাৰ অভিযোগ পিতৃৰ । শিক্ষাবিদ ড৹ মেধিৰ বিবাহিত তিনি কন্যাই ও খবৰ নলয় পিতৃৰ । পেঞ্চনৰ ধনখিনিয়ে কাল হৈছে বৃদ্ধ পিতৃৰ । আনহাতে, স্বামীৰ অসুস্থতা , দুখ-সুখৰ সমভাগী হ'বলৈ থকা পত্নীও নিৰুপায় । স্বামীক নিৰ্যাতন চলোৱা কাৰ্যৰ বাধা দিলেই মাতৃৰ ওপৰতো চলে চৰম অত্যাচাৰ ।  উপায় বিহীন হৈ অধ্যাপক গৰাকীয়ে ৰেল আলি আৰু ফুটপাঠতেই বহুদিন ধৰি  থাকিবলৈ ল'লে । অৱসৰপ্ৰাপ্ত  অধ্যাপক ড৹ মেধিৰ তেনে দুৰ্দশাৰ কথা জানি কোনো এগৰাকী শুভাকাংক্ষীয়ে দিয়া  খবৰৰ ভিত্তিত নলবাৰী শান্তি নিৱাস আশ্ৰমৰ স্বত্বাধিকাৰী তথা সংবাদদাতা মজিবুৰ ৰহমানে তেওঁক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে শান্তি নিৱাসত । যাৰ ফলস্বৰূপে এক নিশ্চিত অঘটনৰ পৰা ৰক্ষা পৰিল অধ্যাপক গৰাকী । দুবাৰকৈ ডক্টৰেট ডিগ্ৰীধাৰী বৃদ্ধ ককা  এতিয়া আমাৰ শান্তি নিবাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমৰ আলহী । কিন্তু অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীৰ এনে দূৰৱস্থা সহজভাৱে লব পৰা নাই গুনমুগ্ধ সকলে৷শৈক্ষিক সমাজত এটা প্ৰশ্নই বাৰে বাৰে খুন্দিয়াইছে এতিয়া আমি সন্তানক শিক্ষা দিওঁতে কৰবাত ভুল হৈ যায় নেকি? যাৰ বাবে বৃদ্ধ অৱস্থাত পিতৃ-মাতৃৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলাই একাংশ কুলাংকাৰ পুত্ৰই৷

বাইট=ড° মেধী+মজিবুৰ ৰহমান(সংবাদদাতা)

নলবাৰীৰ পৰা কৈলাস ডেকা,ETV ভাৰত অসম।
Last Updated : May 28, 2019, 11:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.