নলবাৰী, 23 জানুৱাৰী: প্ৰকৃতিৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত চহকী অসম। প্ৰতি বছৰে প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ বহিঃৰাজ্যৰ পৰা লাখ লাখ পৰ্যটকৰ আগমন হয় অসম মুলুকলৈ। নলবাৰী জিলাৰ কঁহুৱা, পাগলাদিয়া ৰিজৰ্টৰ লগতে পৰ্যটক সকলৰ বাবে আন এক ভাল খবৰ। কেন্দুকুচি গাঁৱৰ উদ্যমী শিক্ষিত যুৱক তপন দত্ত বৰুৱাৰ উদ্যোগত কৃষি ভূমি মীন উদ্যানৰ জৰিয়তে অন্ন দাতা এক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ নামেৰে উদ্যান মুকলি কৰে ।
আজি এই উদ্যান খনৰ পুখুৰীৰ পাৰত পানীতোলা ঘাট আনুষ্ঠানিক ভাৱে মুকলি কৰে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই । সাংসদ দিলীপ শইকীয়াৰ সৈতে সহযোগ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।
উল্লেখ্য যে, উদ্যান খনত ৰোপৱে, অশ্বাৰোহন ,বৰশী বোৱা মহৰ সতে জলকেলি, নৌকা বিহাৰৰ লগতে বিয়া-সবাহ আদিৰ পানী তোলা সুবিধা আছে । আনহাতে, ৰাইজৰ বাবে এই পানীতোলা ঘাট মুকলি কৰি দিয়ে পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দীলিপ শইকীয়াই।
লগতে পঢ়ক-তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ