নলবাৰী, 7 জুনঃ কাইলৈৰ পৰা খোল খাব নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় । এই কথা সদৰী কৰে বিল্বেশ্বৰ দেৱালয় খনৰ মুখ্য দলৈ ৰঞ্জিত মিশ্ৰই ৷
ইতিমধ্যে চৰকাৰৰ কেতবোৰ দিশত শিথিল কৰি দিছে লকডাউনৰ নীতি-নিৰ্দেশনা ৷ একেদৰে লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত তিনিমাহ ধৰি বন্ধ হৈ আছিল নলবাৰীৰ বিল্বেশ্বৰ দেৱালয় । উল্লেখ্য যে, যোৱা ২১ মাৰ্চৰ পৰা বন্ধ হৈ থকা শক্তিধাম ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় বন্ধ দুৱাৰ কাইলৈৰ পৰা খোল খাব বুলি সদৰী কৰিছে দেৱালয়ৰ মুখ্য দলে ৰঞ্জিত মিশ্ৰই ।
আনহাতে, চৰকাৰে ঘোষণা কৰা সকলো নীতি-নিয়মৰ মাজেৰে দৰ্শণাৰ্থী সকলে বিল্বেশ্বৰ দেৱালয় দৰ্শণ কৰাৰ লগতে পূজা পাতল কৰিব পাৰিব । লগতে সকলো ভক্তই যাতে সামাজিক দুৰত্ব বজাই ৰাখি মন্দিৰত প্ৰৱেশ কৰে তাৰ বাবে সকলো দৰ্শণাৰ্থীক আহ্বান জনাইছে মুখ্য দলে ৰঞ্জিত মিশ্ৰই । তাৰোপৰি চৰকাৰ প্ৰশাসনে যাতে উক্ত বিষয়টোৰ প্ৰতি নজৰ ৰাখে তাৰ বাবে প্ৰশাসনক আহ্বান জনাইছে ৷
লগতে পঢ়ক- মহানগৰীত পিঞ্জৰাৱদ্ধ নাহৰফুটুকীৰ মৃত্যু