ETV Bharat / city

30 অক্টোবৰত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছুৰ - গুৱাহাটী বোমা বিস্ফোৰণ 2008 30 অক্টোবৰ অসম নিউজ

2008 চনৰ 30 অক্টোবৰত ৰাজ্যক গৈছিল কেবাটাও ধাৰাবাহিক বিস্ফোৰণে ৷ বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৱাহাটী মহানগৰীত সংঘটিত হোৱা বিস্ফোৰণত নিহত হৈছিল 81 গৰাকী লোক আৰু আহত হৈছিল 470ৰো অধিক লোক ৷ ঘটনাৰ 11 বছৰ পিচতো উক্ত ঘটনাৰ সৈতে জড়িত থকা ৰঞ্জন দৈমাৰীসহ অন্যান্য অভিযুক্তসকলক শাস্তি প্ৰদান কৰাত ব্যৰ্থ হয় ৰাজ্য চৰকাৰ ৷ উক্ত বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই নলবাৰী আৰু মৰাণত পৃথকে পৃথকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷

আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
author img

By

Published : Oct 31, 2019, 3:12 AM IST

নলবাৰী আৰু মৰাণ, 30 অক্টোবৰঃ 2008 চনৰ 30 অক্টোবৰত বৰপেটাৰোড, কোকৰাঝাৰ, বঙাইগাঁৱকে ধৰি গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাচীবজাৰ আৰু গণেশগুৰিত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ ৷ এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ নিৰ্দেশত সংঘটিত হোৱা এই বিস্ফোৰণত 81 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল 470ৰো অধিক লোক ৷ উক্ত ঘটনাৰ পিচতে 30 অক্টোবৰৰ দিনটো ৰাজ্যবাসীয়ে ক'লা দিৱস হিচাপে স্মৰণ কৰি আহিছে ৷

লগতে পঢ়কঃ 30 অক্টোবৰৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱা তোলেনক সুঁৱৰিলে পৰিয়ালে

30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত নিহতসকলৰ স্মৃতিত মৰাণত বুধবাৰে সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে বন্তি প্ৰজ্জ্বলন কৰি নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমীপত আছুৱে নিহতসকলৰ স্মৃতিত এইদৰে বন্তি প্ৰজ্বলন কৰে ৷ বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰোহিনী গগৈয়ে অসমত যাতে পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত নহয়, তাৰ প্ৰতি সকলোকে সচেষ্ট হ’বলৈ আহ্বান জনায় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লগতে পঢ়কঃ আজি ক’লা 30 অক্টোবৰঃ বিস্ফোৰণত নিহতসকললৈ ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি

ইফালে অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনাৰ্থে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থায়ো ৰূপায়ন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত ৰূপায়িত উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজলন কৰে আছুকে ধৰি সাংবাদিক সকলৰ লগতে বিভিন্ন জন ব্যক্তিয়ে । বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালভাৱে আছুৰ কৰ্মী সকলে সন্ত্ৰাসবাদ বিৰোধী শ্লোগান প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ একেদৰে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থায়ো নিহত সকলৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ।

Intro:নলবাৰীত আছুৰ শ্ৰদ্ধাঞ্জলিBody:

অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহত হোৱা লোক সকলৰ আত্মাৰ সদগতি কামনাৰ্থে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।ছহিদ ভৱন বাকৰিত ৰূপায়িত উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজলন কৰে আছুৰ বিষয়ববীয়াকে ধৰি সাংবাদিক সকলৰ লগতে বিভিন্ন জন ব্যক্তিয়ে ।বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালভাৱে আছুৰ কৰ্মী সকলে সন্ত্ৰাসবাদ বিৰোধী শ্লোগানেৰে মুখৰ কৰি তুলিলে শ্বহীদ ভৱন বাকৰি।
ইফালে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাইও নিহত সকলৰ চিৰশান্তি কামনা কৰি প্ৰজ্বলন কৰিলে বন্তি।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.