ETV Bharat / city

কলিয়াবৰত "বিশ্ব গ্ৰন্থ দিৱস" উদযাপন

author img

By

Published : Apr 23, 2019, 9:26 PM IST

কলিয়াবৰৰ ডo ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰালত কিছুসংখ্যক ছাত্ৰ - ছাত্ৰীৰ উপস্থিতিত পালন কৰা হয় "বিশ্ব গ্ৰন্থ দিৱস" । গ্ৰন্থাগাৰ সৌৰভ বৰাৰ নেতৃত্বত পালন কৰা এই দিৱসত বিশিষ্ট কুসুম বৰাই গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে আশাবাদী বুলি মন্তব্য কৰে । আনহাতে, ৰবীন শৰ্মাই এই অনুষ্ঠানতে বৰ্তমানৰ গ্ৰন্থৰ প্ৰতি সৰ্বসাধাৰণ বিশেষকৈ ছাত্ৰ - ছাত্ৰীৰ অনিহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ।

WORLD BOOK DAY AT KALIABAR

কলিয়াবৰ, ২৩ এপ্ৰিল: ১৯৯৫ চনৰ ১৩ এপ্ৰিলৰ দিনটোত বিশ্বত গ্ৰন্থপ্ৰেমী এচাম সচেতন পাঠক সৃষ্টিৰ লক্ষ্যৰে ইউনেস্ক'ই "বিশ্ব গ্ৰন্থ দিৱস" পালনৰ দিহা কৰিছিল । অতি গুৰুত্বপূৰ্ণ এই দিৱসটোৱে নিৰ্বাচন আৰু বিহুৰ বাবে অসমত পাবলগীয়া গুৰুত্বখিনিও নাপালে যদিও ব্যতিক্ৰম দেখা গ'ল কলিয়াবৰত । ডo ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰালত কিছুসংখ্যক শিশুৰ উপস্থিতিত পালন কৰা হয় "বিশ্ব গ্ৰন্থ দিৱস"ৰ । গ্ৰন্থাগাৰ সৌৰভ বৰাৰ নেতৃত্বত পালন কৰা হয় এই দিৱস ।

WORLD BOOK DAY AT KALIABAR

১৯৯৫ চনত কলিয়াবৰৰ কুঁৱৰীটোলত "জ্ঞানশ্ৰী"ৰ জৰিয়তে গ্ৰন্থ আন্দোলনৰ অংশীদাৰ হোৱা ৰবীন শৰ্মাই এই অনুষ্ঠানতে বৰ্তমানৰ গ্ৰন্থৰ প্ৰতি সৰ্বসাধাৰণ বিশেষকৈ ছাত্ৰ - ছাত্ৰীৰ অনিহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ।আনহাতে, বিশিষ্ট গল্পকাৰ তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ আৰু শিক্ষক কুসুম বৰাই গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে আশাবাদী বুলি মন্তব্য কৰে । নৱ-প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী হোৱাতো শুভ লক্ষণ বুলিও তেওঁ উল্লেখ কৰে ।

Intro:আশা-নিৰাশাৰ দোমোজাত আজি "বিশ্ব গ্ৰন্থ দিৱস"
গ্ৰন্থ প্ৰেমৰ আকালৰ দিনত নাই চৰকাৰী-বেচৰকাৰী উত্তাপ।
কলিয়াবৰত ড০ ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰালত এমুঠি শিশুৰে পালন "বিশ্ব গ্ৰন্থ দিৱস"।Body:১৯৯৫ চনৰ ১৩ এপ্ৰিলৰ দিনটো বিশ্বত গ্ৰন্থৰ প্ৰতি আগ্ৰহী এচাম সচেতন পাঠক সৃষ্টিৰ বাবে ইউনেস্ক'ই এই দিৱব পালনৰ দিহা কৰিছিল। এক গুৰুত্বপূৰ্ণ পালিত বিশ্ব দিৱসটোৱে যেন নিৰ্বাচন আৰু বিহুৰ বাবে অসমত পাবলগীয়া গুৰুত্ব যেন অসমত নাপালে। তাৰ মাজতে অৱশ‍্যে ব‍্যতিক্ৰম দেখা গ'ল অসমৰ কিছু স্থান কিছু অনুষ্ঠান।
কলিয়াবৰত ড০ ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰালত এমুঠি শিশুৰে অনাৰম্বৰবাবে গ্ৰন্থাগাৰিক সৌৰভ বৰাৰ নেতৃত্বত পালন কৰা হয় বিশ্ব গ্ৰন্থ দিৱস।
১৯৯৫ চনত কলিয়াবৰৰ কুঁৱৰীটোলত "জ্ঞানশ্ৰী"ৰ জৰিয়তে গ্ৰন্থ আন্দোলনৰ অংশীদাৰ হোৱা ৰবীন শৰ্মা আজিৰ গ্ৰন্থৰ প্ৰতি সৰ্বসাধাৰণ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ অনিহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।
আনহাতে বিশিষ্ট গল্পাকাৰ, অসম চৰকাৰৰ সাহিত‍্যিক পেঞ্চনাৰ, শিক্ষক অশীতিপৰ কুসুম বৰাই গ্ৰন্থ দিৱসৰ দিনা গ্ৰন্থৰ ভৱিষ‍্যত সম্পৰ্কে আশাবাদী। নৱ-প্ৰজন্ম গ্ৰন্থৰ প্ৰতি আগ্ৰহী হোৱাতো শুভ লক্ষণ।Conclusion:Visuals/Bites/Photo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.