ETV Bharat / city

আজমলৰ বোকোচাত উঠিহে বৰ্তমান চৰকাৰখন চলি থাকিব পাৰিছে: ৰকিবুল হুছেইন

author img

By

Published : Sep 12, 2022, 8:05 AM IST

কলিয়াবৰত দেওবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ এখন দলীয় কৰ্মশালা অনুষ্ঠিত হয় (Workshop of Congress at Kaliabor) ৷ কৰ্মশালাত কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন উপস্থিত থাকে ৷

Workshop of Congress at Kaliabor in Nagaon
আজমলৰ বোকোচাত উঠিহে বৰ্তমান চৰকাৰখন চলি থাকিব পাৰিছে: ৰকিবুল হুছেইন

কলিয়াবৰ, 12 ছেপ্টেম্বৰ: কলিয়াবৰত দেওবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ এখন দলীয় কৰ্মশালা অনুষ্ঠিত হয় (Workshop of Congress at Kaliabor) ৷ কৰ্মশালাত কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰসহ দলৰ শীৰ্ষ কংগ্ৰেছ নেতৃত্ব উপস্থিত থাকে ৷

কৰ্মশালাত উপস্থিত থাকি সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কংগ্ৰেছ দলে বুলি সদৰি কৰি বিজেপি চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে ৰকিবুল হুছেইনে (Rakibul Hussain criticize BJP) ৷ তেওঁ অগপ দলৰ অস্তিত্ব বিপদাপন্ন বুলি উল্লেখ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তকো সমালোচনাৰ লক্ষ্য কৰি লয় ৷ আনকি আজমলৰ বোকোচাত উঠিহে বৰ্তমান চৰকাৰখন চলি থাকিব পাৰিছে বুলিও মন্তব্য কৰে চামগুৰি সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

ইফালে গৌৰৱ গগৈয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰছ দলৰ ‘ভাৰত জোৰো যাত্ৰা’লৈ ভাৰতৰ জনসাধাৰণে আগবঢ়োৱা বিপুল সমৰ্থনে বৰ্তমান বিজেপি দল তথা চৰকাৰক শংকিত কৰি তুলিছে । আনহাতে, ইডিৰ জৰিয়তে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক শলঠেকত পেলাবলৈ চেষ্টা কৰিও সফল নোহোৱাত কেন্দ্ৰীয় চৰকাৰ বিব্ৰত হৈছে বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

আনহাতে সম্প্ৰতি চৰ্চাত থকা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰি সাংসদগৰাকীয়ে বৰ্তমান চৰকাৰে যে নিযুক্তিৰ নামত বজাৰ মেলিছে তাক প্ৰমাণ কৰিছে বুলি বিতৰ্কিত মন্তব্য কৰে ৷

লগতে পঢ়ক: অগ্ৰিম জামিন লাভ কৰিলে প্ৰৱঞ্চক মৃদুপৱন নেওগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.