ETV Bharat / city

পাহাৰৰ দাঁতি কাষৰীয়া তপতজুৰিত প্ৰতিদিনে বাঢ়িছে বন্যহস্তীৰ উপদ্ৰৱ - havoc in tapatjuri area

ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত ৷ বন্যহস্তীৰ বিচৰনস্থলীত আজুৰ কোম্পানীয়ে সৌৰ শক্তি প্ৰকল্প নিৰ্মান কৰি হাতী অহা যোৱা কৰা স্বাভাৱিক পথ বন্ধ কৰাৰ ফলতেই অঞ্চলটোত বৃদ্ধি পাইছে হস্তী মানুহৰ সংঘাত ৷

wild-elephant-creates-havoc-in-tapatjuri-area-etv-bharat-assam
প্ৰতিদিনে বাঢ়িছে বন্যহস্তীৰ উপদ্ৰৱ
author img

By

Published : Aug 23, 2021, 10:02 PM IST

চামগুৰি, 23 আগষ্ট: হস্তী মানুহৰ সংঘাতে ৰাজ্যৰ অধিক সংখ্যক স্থানতেই সৃষ্টি কৰি আহিছে আতংকৰ ৷ জনাঞ্চলত দৈনিক বৃদ্ধি পাইছে বন্যহস্তীৰ তাণ্ডৱ ৷ সমান্তৰালভাৱে পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল তপতজুৰিত প্ৰতিদিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বিগত তিনিদিনে শমগ্ৰ অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলাই কৃষকৰ কেইবাটাও ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ পাছত যোৱা নিশা তপতজুৰিৰ শিৱ মন্দিৰ চৌহদত প্ৰৱেশ কৰি পূজাৰীৰ ঘৰটো ভাঙি বিস্তৰ ক্ষতিসাধন কৰে ৷

wild elephant creates havoc in tapatjuri area etv bharat assam
তপতজুৰিত প্ৰতিদিনে বাঢ়িছে বন্যহস্তীৰ উপদ্ৰৱ

কাজিৰঙা বুঢ়াপাহাৰ সংলগ্ন শুকানজুৰি পাহাৰ আৰু তপতজুৰি পাহাৰৰ মাজৰ হাতীৰ আহ যাহ কৰা পথটোতে সংঘটিত হৈছে এই অঘটন ৷ বন্যহস্তীৰ বিচৰনস্থলীত আজুৰ কোম্পানীয়ে সৌৰ শক্তি প্ৰকল্প নিৰ্মান কৰি হাতী অহা যোৱা কৰা স্বাভাৱিক পথ বন্ধ কৰাৰ ফলতেই অঞ্চলটোত বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত ৷ বনবিভাগেও আজুৰ কোম্পানীৰ স্বাৰ্থত উক্ত কেইবাশ বিঘা মাটি হাতীৰ আহজাহৰ পথ নহয় বুলি প্ৰমাণ পত্ৰ দি হাতীৰ পথ ৰুদ্ধ কৰিছে বুলি ৰাইজে উত্থাপিত কৰিছে অভিযোগ ৷

পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল তপতজুৰিত প্ৰতিদিনে বাঢ়িছে বন্যহস্তীৰ উপদ্ৰৱ

হাতীৰ অহা যোৱাৰ স্বাভাৱিক পথ বন্ধ কৰি দিয়াত বন বিভাগে পৰোক্ষ ভাৱে হাত উজান দিয়াত কাৰ্যত ক্ষুভিত হৈ স্থানীয় বাসিন্দা সকলে দিছে ইয়াৰ গৰিহনা। ইপিনে শুকুৰবাৰেও নগাঁও জিলাৰ চামগুৰিৰ পদুমণিত দেখা গ’ল বন্যহস্তীৰ উপদ্ৰৱ । শুকুৰবাৰে নিশা প্ৰায় 8 বজাত পদুমণিত বন্যহস্তীয়ে চলায় উপদ্ৰৱ । গৃহস্থৰ ঘৰৰ চাউল-দাইল খাই বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বন্যহস্তীটোৱে অঞ্চলটোত কৰিলে বিস্তৰ ক্ষতি সাধন । ইয়াৰ মাজতে কথমপি প্ৰাণৰক্ষা পৰে দুই কণমানিসহ এগৰাকী বৃদ্ধাৰ ।

এনেদৰেই চামগুৰিৰ বিভিন্ন অঞ্চলত বহুদিন ধৰি বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ । কেইবাটাও বাসগৃহৰ দেৱাল, খিৰিকী ভাঙি বন্যহস্তীয়ে বহু লোকৰ বিস্তৰ ক্ষতি কৰাৰ লগতে ভঁৰাল ঘৰ আৰু সা-সম্পত্তিৰো অনিষ্ট সাধন কৰে ৷

শনিবাৰে পুৱা বন বিভাগৰ বিষয়া উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ আনহাতে হাতীৰ উপদ্ৰৱত এতিয়া প্ৰায় নিৰাপত্তাহীনতাৰ মাজত জীৱন-যাপন কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । বন বিভাগৰ লগতে স্থানীয় প্ৰশাসনে অঞ্চলটোৰ হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে, অধিক ভয়াবহ হ’ব অঞ্চলটোৰ পৰিবেশ ।

লগতে পঢ়ক:দৈদাম চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.