নগাঁও, 4 ছেপ্তেম্বৰ : যোৰহাটস্থিত কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসমৰ পৰা দিল্লীলৈ আৰম্ভ কৰিছে চাইকেল ৰেলী । যোৰহাটৰ পৰা আৰম্ভ কৰা চাইকেল ৰেলী শুকুৰবাৰে আহি উপস্থিত হয় নগাঁৱত ।
নগাঁৱৰ শ্বহীদ ভৱনত এক অনুষ্ঠানৰ আয়োজন কৰি চাইকেল ৰেলীত অংশগ্ৰহণ কৰা চিআৰপিএফৰ জোৱানসকলক আদৰণি জনোৱা হয় ৷ জিলা প্ৰশাসনে আয়োজন কৰা উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত কবিতা পদ্মনাভন উপস্থিত থাকি চিআৰপিএফ জোৱানৰ লগতে স্থানীয় কেইবাগৰাকীও মুক্তিযোদ্ধাক সম্বৰ্ধনা জনায় ।
৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পালন কৰা আজাদী কি অমৃত মহোৎসৱ উদযাপনৰ উদ্দেশ্যে আৰম্ভ কৰা হয় এই চাইকেল ৰেলী । যোৰহাটৰ পৰা আৰম্ভ কৰা চাইকেল ৰেলীটো ২ অক্টোবৰত দিল্লীৰ ৰাজঘাটত উপস্থিত হ’ব ৷ ৰাজঘাটতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উদযাপন কৰিব চিআৰপিএফৰ জোৱানসকলে ।
লগতে পঢ়ক : ভাৰতীয় সেনাৰ তৎপৰতা: LoCত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল