ETV Bharat / city

ৰাইজে মেৰামতি কৰিলে আদৰ্শ গাঁৱৰ পথ

দীৰ্ঘ দিন ধৰি চৰকাৰ প্ৰশাসনক গৰাখহনীয়া আৰু জৰাজীৰ্ণ পথ মেৰামতিৰ বাবে আহ্বান জনাইছিল ৰাইজে ৷ কিন্তু ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি কোনো কাণসাৰ নিদিয়াত অৱশেষত ৰাইজেই মেৰামতি কৰিলে কলং নৈৰ খহনীয়াত বিধ্বস্ত পথ ৷

author img

By

Published : Aug 10, 2020, 5:33 PM IST

Villagers Repair Road at-raha
ৰহাত ৰাইজে মেৰামতি কৰিলে আদৰ্শ গাঁৱৰ পথ

ৰহা, 10 আগষ্টঃ কলং নদীৰ গৰা খহনীয়াই কালৰূপ ধাৰণ কৰিছে নগাঁও জিলাৰ ৰহাৰ মোলানকটা-আদৰ্শ গাঁৱত। মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত এই আদৰ্শ গাঁৱত যাতায়াতৰ একমাত্ৰ পথটো কলং নৈয়ে খহাই নিয়াত এতিয়া যাতায়াতৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত । ইফালে পথটো খহাই নিয়াত অন্য গাঁৱৰ সৈতে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা।

ৰহাত ৰাইজে মেৰামতি কৰিলে আদৰ্শ গাঁৱৰ পথ

ইফালে স্থানীয় ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ মৰিগাওঁ জলসম্পদ বিভাগক বাৰম্বাৰ আবেদন নিবেদন কৰিছিল যদিও এতিয়ালৈকে নৈ খনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে । শেষত উপায়ন্তৰ হৈ জলসম্পদ বিভাগ কিম্বা চৰকাৰৰ মুখলৈ বাট নাচাই অঞ্চলটোৰ ৰাইজে নৈ খনৰ খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে জৰাজীৰ্ণ পথটো মেৰামতি কৰিবলৈ ওলাই আহে ।

অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলাই হাতে হাতে দা, কোৰ, পাচি, বাঁহ লৈ নামি পৰে খহনীয়া প্ৰতিৰোধ আৰু উক্ত পথটো মেৰামতিৰ কামত । কলঙত বাঁহ, জেং পেলাই খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায় ৰাইজে ৷ আনকি বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰো খহনীয়াত জাহ যোৱাৰ ফলত ৰাইজে ট্ৰেন্সফৰ্মাৰটো উঠাই থৈ দিবলগীয়া হৈছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে শক্তি বিভাগৰ বিৰুদ্ধে ৷

উক্ত ঘটনাক কেন্দ্ৰ কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জলসম্পদ বিভাগৰ নিৰ্লিপ্ততাক ক্ষোভ উজাৰিলে অঞ্চলবাসীয়ে । অতি শীঘ্ৰে উক্ত অঞ্চলটোত কলং নৈয়ে সৃষ্টি কৰা ভয়ংকৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা ল'বলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ নহ'লে এনেদৰে নিতৌ চপৰা চপৰে খহি থাকিলে অচিৰেই মোলানকটা-আদৰ্শ গাঁওখন এটা সময়ত যে কলঙৰ বুকুত জাহ যাব তাক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক- মৰিগাঁৱত চৰকাৰৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.