ETV Bharat / city

এতিয়াও অন্তিম পৰ্যায় পোৱা নাই আলফা চৰকাৰৰ আলোচনাই - নগাঁৱত আলফা আলোচনাপন্থী গোটৰ সভা

নগাঁৱত আলফা আলোচনাপন্থী গোটৰ সদস্যসকলে এখন সভাৰ আয়োজন কৰে ৷ এই সভাতে কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী গোটৰ শান্তি আলোচনা সম্পৰ্কত মন্তব্য কৰে সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতিয়াই ৷

ৰাজখোৱা, চেতিয়াৰ সভা
author img

By

Published : Nov 12, 2019, 9:35 PM IST

নগাঁও, 12 নৱেম্বৰ : নগাঁৱত অনুষ্ঠিত হোৱা আলফা আলোচনাপন্থী গোটৰ সভাত কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজৰ শান্তি আলোচনা সম্পৰ্কত মন্তব্য কৰে আলফা আলোচনাপন্থী গোটৰ সভাপতি অৰবিন্দ ৰাজখোৱাই ৷ তেওঁৰ মতে, পৰেশ বৰুৱাৰ সংগঠন এটা সুকীয়া বিপ্লৱী সংগঠন । আলফা আলোচনাপন্থী গোটে শান্তিৰ পৰিৱেশ বিচাৰে বুলি মন্তব্য কৰে ৰাজখোৱাই ৷ গুৱাহাটী জু ৰোডৰ বিস্ফোৰণৰ আঠ অভিযুক্তৰ বিৰুদ্ধে এন আই এ চার্জশ্বীট দাখিল কৰা সন্দৰ্ভত ৰাজখোৱাই মন্তব্য কৰে যে, শান্তি ভংগ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব ৷

নগাঁৱত আলফা আলোচনাপন্থী গোটৰ সভা

আলফা আলোচনাপন্থী গোটৰ সম্পাদক অনুপ চেতিয়াই এই সভাত মন্তব্য কৰে যে, চৰকাৰ আৰু আলফাৰ মাজত হ'বলগীয়া আলোচনা প্ৰক্ৰিয়া বৰ্তমানেও অন্তিম পৰ্যায় পোৱা নাই ৷ দুমাহৰ ভিতৰত আলোচনা সম্পন্ন হোৱা বুলি মধ্যস্থতাকাৰীয়ে জনাইছিল যদিও আলোচনা প্ৰক্ৰিয়া এতিয়াও বহু বাকী আছে । খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা, ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে অনুপ চেতিয়াই ৷ তেওঁ লগতে কয় যে, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ ওপৰতো শান্তি আলোচনা বহু পৰিমাণে নিৰ্ভৰ কৰিব ।

আৰু পঢ়ক :আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ধেমাজিৰ সমীৰ পালে

Intro:এতিয়াও অন্তিম পৰ্য্যায় পোৱা নাই আলফা চৰকাৰৰ আলোচনা। আলফাই বিচাৰে শান্তিৰ পৰিবেশ। পৰেশ বৰুৱাৰ সুকীয়া বিপ্লৱী সংগঠন। আলোচনাৰ ক্ষেত্ৰত সেই কথাও সুকীয়া। নগাঁৱত আলফা নেতা অৰবিন্দ ৰাজখোৱা , অনুপ চেতিয়া।

Body:কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ মাজত হবলগীয়া শান্তি আলোচনাৰ ক্ষেত্ৰত পৰেশ বৰুৱাৰ কথা সুকীয়া। পৰেশ বৰুৱাৰ সংগঠন এটা সুকীয়া বিপ্লৱী সংগঠন। নগাঁৱত এই মন্তব্য আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ। আলফাই শান্তিৰ পৰিৱেশ বিচাৰে। শান্তি ভংগ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ পোষকতা কৰে অৰবিন্দ ৰাজখোৱাই। গুৱাহাটী জু ৰোড বিস্ফোৰণৰ আঠ অভিযুক্তৰ বিৰুদ্ধে এন আই এ চার্জশ্বিত দাখিল কৰা সন্দৰ্ভত এনেদৰে মন্তব্য কৰে অৰবিন্দ ৰাজখোৱাই। চৰকাৰ আৰু আলফাৰ মাজত হবলগীয়া আলোচনা প্ৰক্ৰিয়া এতিয়াও পোৱা নাই অন্তিম পৰ্য্যায়। । দুমাহৰ ভিতৰত আলোচনা সম্পন্ন বুলি মধ্যস্থতাকাৰীয়ে জনাইছিল যদিও আলোচনা প্ৰক্ৰিয়া এতিয়াও বহু বাকী। মঙলবাৰে নগাঁৱত এই মন্তব্য কৰে আলফাৰ সম্পাদক অনুপ চেতিয়াই। খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা, ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি অনুপ চেতিয়াৰ মন্তব্য। অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলগীয়া প্ৰতিবেদনৰ ওপৰতো শান্তি আলোচনা বহু নিৰ্ভৰ কৰিব।
bite, ৰাজখোৱা, অনুপ চেতিয়া,
----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-১১-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.