কামপুৰ,17 এপ্ৰিল: নগাঁও জিলাৰ কামপুৰত নিচাযুক্ত দ্ৰব্যৰ সৈতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে কামপুৰ আৰক্ষীয়ে ৷ চেঙাজান অঞ্চলৰ স্থানীয় ৰাইজ আৰু কামপুৰ আৰক্ষীৰ সহযোগত আটক কৰা হয় যুৱক দুজনক ।
ধৃত দুই যুৱকৰ পৰা আৰক্ষীয়ে কৰেস্কৰ বটলৰ লগতে নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ধৃত লোক দুজন বাজবটামাৰীৰ আশ্ৰব আলী আৰু ইমৰাণ হুছেইন বুলি জানিব পৰা গৈছে ৷ কামপুৰ আৰক্ষীয়ে লোক দুজনক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: পশ্চিমবংগ নিৰ্বাচন : পুৱা 11 বজালৈ 36.02% ভোটদান সম্পন্ন