ETV Bharat / city

নগাঁও আৰক্ষী থানাৰ সন্মুখত এটিএম ভাঙি লণ্ড-ভণ্ড চোৰৰ

নগাঁও আৰক্ষী থানাৰ সন্মুখতে থকা এটা এটিএম ভাঙি লণ্ড-ভণ্ড কৰিলে চোৰে ৷ চোৰে কিমান টকা লুটি নিলে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই ৷

author img

By

Published : Oct 29, 2019, 9:16 AM IST

Updated : Oct 29, 2019, 12:03 PM IST

চোৰৰ তাণ্ডৱ

নগাঁও, 29 অক্টোবৰ : নগাঁৱৰ সদৰ আৰু নগৰ আৰক্ষী থানাৰ সন্মুখৰ ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএম ভাঙি লণ্ড-ভণ্ড কৰিলে চোৰে ৷ ইয়াৰ পাচতে পুৱা আৰক্ষী উপস্থিত হৈ এটিএমৰ চাটাৰ বন্ধ কৰি দিয়ে ৷ সমগ্ৰ কাৰ্যই নগাঁও আৰক্ষী থানাৰ বিফলতাক উদঙাই দিছে ৷

এটিএম ভাঙি লণ্ড-ভণ্ড চোৰৰ

উল্লেখ্য যে,নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনে সময়তে সুবিধা লৈ চোৰে এটিএম ভাঙি লণ্ড-ভণ্ড কৰে ৷ অৱশ্যে চোৰে কিমান টকা লুটি নিলে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই ।

লগতে পঢ়কঃপ্ৰব্ৰজিত মুছলিম সমাজক কেঁচামাল সজাব খুজিছে বেপাৰী আজমলেঃমমিনুল আৱাল

Intro:চোৰে ভাঙিলে সদৰ আৰক্ষী থানাৰ সন্মুখৰ এ টি এম। Body:নগাঁৱত এ টি এম চোৰৰ তাণ্ডৱ। ভাঙি লণ্ড ভণ্ড কৰিলে ভাৰতীয় ষ্টেট বেংকৰ এ টি এম। নগাওঁ সদৰ আৰু নগৰ আৰক্ষী থানাৰ সন্মুখৰ এ টি এমতে চোৰে চলালে লুটপাত। এক প্ৰকাৰ আৰক্ষীক চেলেঞ্জ দিলে এ টি এম চোৰে। পুৱাই আৰক্ষীৰ লোক উপস্থিত হৈ বন্ধ কৰি দিয়ে এ টি এম ৰ চাটাৰ। থানাৰ সন্মুখৰ এ টি এমত চোৰে তাণ্ডৱ চলোৱা ঘটনাই পোহৰলৈ আনিছে সদৰ আৰু নগৰ আৰক্ষীৰ ব্যৰ্থতা। অৱশ্যে নগাঁৱৰ তুলসীমুখ দেউৰিগাঁৱত নিশা সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল নিয়োজিত হৈ আছিল ওৰে নিশা। অৱশ্যে চোৰে কিমান টকা লুটিলে সেয়া এই পৰ্যন্ত নিশ্চিত কৰা নাই।
------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
29-10-19Conclusion:
Last Updated : Oct 29, 2019, 12:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.