ETV Bharat / city

সাৱধান ! গৃহস্থক নিচাযুক্ত দ্ৰব্য খোৱাই বনকৰা যুৱতীয়ে লুটিলে সামগ্ৰী - নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱত চুৰি কাণ্ড

নগাঁৱত চাঞ্চল্যকৰ ঘটনা । গৃহস্থক নিচাযুক্ত দ্ৰব্য খোৱাই বনকৰা যুৱতীয়ে লুটি নিলে বহু মূল্যবান সামগ্ৰী ।

Thief incident at Nagaon
সাৱধান ! গৃহস্থক নিচাযুক্ত দ্ৰব্য খোৱাই বনকৰা যুৱতীয়ে লুটিলে সামগ্ৰী
author img

By

Published : Sep 6, 2020, 10:42 PM IST

নগাঁও, 6 ছেপ্তেম্বৰ: নগাঁৱত পুনৰ সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা । গৃহস্থক নিচাযুক্ত দ্ৰব্য খুৱাই লুটপাত চলালে বনকৰা যুৱতীয়ে ৷ এই চাঞ্চল্যকৰ চুৰি কাণ্ড সংঘটিত হৈছে নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱত । অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যপ্ৰসাদ বৰা,পত্নী প্ৰনতি বৰা আৰু পুত্ৰ সমীৰণ বৰাক নিশাৰ আহাৰৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি ঘৰৰ পৰা চুৰি কৰে বহু মূল্যবান সামগ্ৰী ।

নগাঁৱত চাঞ্চল্যকৰ ঘটনা

মাত্ৰ ছয়দিন পূৰ্বে অৱসৰপ্ৰাপ্ত অভিযন্তা সত্যপ্ৰসাদ বৰাৰ ঘৰত বনকৰা ছোৱালী হিচাপে যোগদান কৰিছিল মোলাপট্টিৰ ববিতা পণ্ডিত নামৰ যুৱতীগৰাকীয়ে ৷ দুষ্টচক্ৰৰ লগত মিলি এই চুৰি কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাৰ ফলত অসুস্থ হৈ পৰা সত্যপ্ৰসাদ বৰাৰ পৰিয়ালৰ তিনিওজনেই বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে চাওক-ব্ৰাউন চুগাৰসহ বৰপেটাত গ্ৰেপ্তাৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.