ETV Bharat / city

দ্বিতীয় দিনাৰ বাবেও অব্যাহত থাকিল ঠিকাভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী - kaliabor

দ্বিতীয় দিনাৰ বাবেও অব্যাহত থাকিল ঠিকাভিত্তিক শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী , ৰাজ্যৰ বিদ্যালয়ত অভাৱনীয় পৰিস্থিতি , শিক্ষা বিভাগ, মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ বঞ্চিত শিক্ষকৰ

দ্বিতীয় দিনাৰ বাবেও অব্যাহত থাকিল ঠিকা ভিত্তিত শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী
author img

By

Published : Aug 3, 2019, 10:49 PM IST

Updated : Aug 3, 2019, 11:03 PM IST

নিউজ ডেক্স, 3 আগষ্টঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাই আহ্বান জনোৱা আন্দোলনৰ প্ৰতি সমৰ্থন জনাই 2 আগষ্টৰ পৰা ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকা ভিত্তিত শিক্ষকে শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে, 2010 চনত চৰকাৰী মাধ্যমিক বিদ্যালয় সমূহত মেধাৰ ভিত্তিত আঠ হাজাৰ শিক্ষকক ঠিকা ভিত্তিক নিযুক্তি দিছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰে৷ পৰৱৰ্তী সময়ত 2014 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত শিক্ষক সকলক টেট উত্তীৰ্ণ নোহোৱাকৈ নিয়মীয়াকৰণ কৰাৰ এক ৰায় দিয়াৰ পাছত 2016 চনত চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়াকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ কিন্তু 2017 চনত চৰকাৰে পুনৰীক্ষণ আবেদন জনোৱাৰ ফলত নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে বুলি ঠিকাভিত্তিক শিক্ষক সকলে অভিযোগ আনিছিল ৷

দ্বিতীয় দিনাৰ বাবেও অব্যাহত থাকিল ঠিকা ভিত্তিত শিক্ষকৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী

এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই কাৰ্বি আংলং জিলাৰ ঠিকা ভিত্তি শিক্ষক সকলে শ্ৰেণী বৰ্জন কৰাত সমগ্ৰ জিলা খনৰে বিদ্যালয়সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

বাক্সা জিলাৰ গোৰেশ্বৰতো ঠিকা ভিত্তিত শিক্ষক সকলে শ্ৰেণী বৰ্জনেৰে প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰৰ শিক্ষা বিভাগ, মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷

ইপিনে নগাঁও জিলাৰ কলিয়াবৰতো দ্বিতীয় দিনৰ বাবে ঠিকা ভিত্তিত শিক্ষকৰ সৰ্বাত্মক প্ৰতিবাদ অব্যাহত থাকে যাৰ বাবে বিদ্যালয়সমূহত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷

এনে পৰিস্থিতিত ৰাজ্যৰ ঠিকা ভিত্তিত শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Intro:Slug: Bokajan Contractual High School Teachers Protest.

Anchor: সদৌ অসম মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাই আহ্বান জনোৱা আন্দোলনৰ কাৰ্যসূচীলৈ সমৰ্থন জনাইছে কাৰ্বি আংলঙৰ ২৩৭ গৰাকী ঠিকিভিত্তিক শিক্ষকে৷ যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয় সমূহত।

VO : উল্লেখযোগ্য যে, ২০১০ চনত চৰকাৰী মাধ্যমিক বিদ্যালয় সমূহত মেধাৰ ভিত্তিত আঠ হাজাৰ শিক্ষকক ঠিকা ভিত্তিক নিযুক্তি দিছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰে৷ পৰৱৰ্তী সময়ত ২০১৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত শিক্ষক সকলক টেট উত্তীৰ্ণ নোহোৱাকৈ নিয়মীয়াকৰণ কৰাৰ এক ৰায় দিয়াৰ পাছত ২০১৬ চনত চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে ঠিকাভিত্তিক শিক্ষক সকলক নিয়মীয়াকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ২০১৭ চনত চৰকাৰে পুনৰীক্ষণ আবেদন জনোৱাৰ ফলত নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে বুলি ঠিকাভিত্তিক শিক্ষক সকলে অভিযোগ তুলি ২ আগষ্টৰ পৰা ৬ আগষ্টলৈকে শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৭ আগষ্টত কামৰূপ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সমুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীও গ্ৰহণ কৰিছে৷ এই দুয়োটা কাৰ্যসূচীতে কাৰ্বিআংলঙৰ ঠিকাভিত্তিক শিক্ষকে সমৰ্থন আৰু অংশ গ্ৰহণৰ কথা ঘোষণা কৰি কয় যে, মাৰ্চ মাহৰ পৰা আজিলৈকে পাঁচ মাহৰ পাৰিতোষিক তেওঁলোকে নোপোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ সেয়েহে পুনৰীক্ষন আবেদন ন্যায়ালয়ৰ পৰা উঠাই তেওঁলোকৰ জীৱনৰ সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাইছে ঠিকাভিত্তিক শিক্ষক সকলে।

BYTE:-- ১+ ২ ঠিকাভিত্তিত শিক্ষক।
BYTE:- কল্যান চেতিয়া, অধ্যক্ষ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়।Body:.Conclusion:.
Last Updated : Aug 3, 2019, 11:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.