ETV Bharat / city

নগাঁৱৰ চৰ-চাপৰিত বাঢ়িছে সন্দেহ নাগৰিকৰ বেদখল ! - অতিষ্ঠ হৈ পৰিছে চৰাঞ্চলৰ ৰাইজ

কিমান দিনলৈ চলিব বেদখল ? সন্দহযুক্ত নাগৰিকৰ দপদপনি ৰাজ্যত ৷ বেদখলৰ কবলত নগাঁৱৰ বিভিন্ন অঞ্চল ৷ অবাধ হাৰত বেদখল কৰিছে চৰকাৰী ভূমি ৷ কিন্তু কোন এইসকল বেদখলকাৰী ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

নগাঁৱত সন্দেহযুক্ত নাগৰিকৰ দপদপনি
নগাঁৱত সন্দেহযুক্ত নাগৰিকৰ দপদপনি
author img

By

Published : Oct 13, 2021, 8:28 PM IST

চামগুৰি, 13 অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কৱলত পৰাৰ দৰে নগাঁও জিলাৰ 1 লাখ 71 হাজাৰ 415 শ বিঘা মাটি সম্প্ৰতি বেদখলকাৰীৰ কৱলত পৰিছে ৷ অবৈধ সন্দেহযুক্ত নাগৰিকৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে স্থানীয় খিলঞ্জীয়া লোকসকল ৷ এক প্ৰকাৰ খিলঞ্জীয়া লোক সকলৰ জীৱন-জীবিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এইসমূহ সন্দেহযুক্ত নাগৰিকে ৷

নগাঁৱত সন্দেহযুক্ত নাগৰিকৰ দপদপনি

জিলাখনৰ ধিঙৰ দাঁতিকাষৰীয়া বিভিন্ন চৰাঞ্চলত এতিয়া সন্দেহজনক লোকৰ দপদপনিৰ চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অঞ্চলটোত অচিনাকী লোকৰ সঘন অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে চৰাঞ্চলৰ ৰাইজ । ধিঙৰ বিভিন্ন চৰাঞ্চলত এতিয়া প্ৰতিদিনে সংঘটিত হৈছে এটাৰ পাছত আন এটা অপৰাধজনিত ঘটনা ।

প্ৰতিদিনে সংঘটিত হৈছে মাৰপিট, ধনদাবী, নাৰী নিৰ্যাতন, কৃষিভূমি বেদখলকে আদি কৰি বিভিন্ন বে-আইনী কাৰ্যকলাপ । শেহতীয়াকৈ ধনদাবীৰে মাৰপিট কৰা আন এক ঘটনা সংঘটিত হৈছে ধিঙৰ দাঁতিকাষৰীয়া মুছলিম চৰত । মুছলিম চাপৰিৰ মহম্মদ আলীৰ পৰিয়ালৰ লোকক ধনদাবী কৰি মাৰপিট কৰি হাৰাশাস্তি চলোৱা অভিযোগ উত্থাপন হৈছে একাংশ সন্দেহযুক্ত ভূ-মাফিয়াৰ বিৰুদ্ধে ।

এই ঘটনাৰ লগত জড়িত ভূ-মাফিয়া তথা মাতব্বৰ জালালুদ্দিন, এজাৰুল হক আৰু ফৰিদুল হকৰ বিৰুদ্ধে স্থানীয় লাওখোৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহম্মদ আলীৰ পৰিয়ালে ৷ এনেদৰে দিনক দিনে বৃদ্ধি পোৱা একাংশ সন্দেহজনক লোকৰ হাৰাশাস্তিৰ বলি হ’ব লগা হৈছে খাতি খোৱা লোকসকল ।

দেশত চৰকাৰ প্ৰশাসন, আইন কানুন থকাৰ পাছতো বিশাল ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰ চাপৰিত এতিয়া এনেদৰেই একাংশ সন্দেহযুক্ত লোকে প্ৰতিদিনেই সংঘটিত কৰি গৈছে এটাৰ পাছত আন এটা দুষ্কাৰ্য । চৰকাৰ প্ৰশাসনে সময় থাকোতে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অনাগত সময়ত যে, জিলাত খনত আৰু বিক্ষিপ্ত তথা হিংসাত্মক ঘটনা সংঘটিত নহ’ব তাক নুই কৰিব নোৱাৰি ৷

লগতে পঢ়কঃ গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.