ETV Bharat / city

কলিয়াবৰত উপস্থিত নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন

ক’ভিড পৰিস্থিতি বুজ লোৱাৰ বাবে কলিয়াবৰত হঠাৎ উপস্থিত নগাঁও জিলা উপায়ুক্ত কভিথা পদ্মনাভন ৷ কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত হয় এখন জৰুৰী সভা ৷

author img

By

Published : May 19, 2021, 10:29 PM IST

কলিয়াবৰত উপস্থিত নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন
কলিয়াবৰত উপস্থিত নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভন

কলিয়াবৰ, 19 মে': নগাঁও জিলাৰ কলিয়াবৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা ৷ ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ উপায়ুক্ত কভিথা পদ্মনাভনে উপস্থিতি হয় কলিয়াবৰৰ মহকুমাৰ কাৰ্যালয়ত ৷ মহকুমা কাৰ্যালয়ৰ সভাকক্ষত জৰুৰীভাৱে উপায়ুক্তৰ উপস্থিতিত কৰ’ণাৰ সংক্ৰমণ সংক্ৰান্তৰ এখন বৈঠক অনুষ্ঠিত হয় ৷

ক'ভিড পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত এই জৰুৰী সভাত কলিয়াবৰৰ স্বাস্থ্য বিভাগৰ বিষয়া আৰু মহকুমা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে । এই সভাতেই ক'ভিডত আক্ৰান্ত ৰোগীয়ে পাব লগা সা-সুবিধা আৰু জৰুৰী অৱস্থাত ক'ভিডত আক্ৰান্ত ৰোগীয়ে সকলো সুবিধা লাভ কৰে তাৰ সু-ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখনীয় যে, কলিয়াবৰৰ কেইবাটাও স্থানত ক'ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কন্টেইমেন্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে । বুধবাৰে কলিয়াবৰত পুনৰ ৬১ গৰাকীকৈ লোক ক'ভিডত সংক্ৰমিত হোৱা বুলি জানিব পৰা গৈছে ৷

ফলত কলিয়াবৰ মহকুমাত ক'ভিডত সংক্ৰমিত ব্যক্তিৰ সংখ্যা ৬৮৮ লৈ বৃদ্ধি পাইছে ৷ ইয়াৰে ৯৫ গৰাকী ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩৩২ গৰাকী । বৰ্তমানেও সক্ৰিয় ৰোগীৰ সংখ্যা ৩৫৬ গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্য 2 গৰাকী ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী এন চি দেৱবৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.