নগাঁও, 11 মে’: নগাঁও জিলাৰ চামগুৰিত মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত জড়িত থকাৰ সন্দেহত 6 জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে (Firing in Samaguri)৷ চামগুৰিৰ মাগুৰমাৰীত সংঘটিত হৈছিল এই গুলী চালনাৰ ঘটনা ৷ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীক গুলীয়াই ধন লুটৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই (Dacoit attacked SBI CSP person)৷
ডকাইতৰ আক্ৰমণত আহত হৈছিল হুমায়ুন কবিৰ নামৰ এজন এছ বি আই ৰ চিএছপিৰ কৰ্মচাৰী । এগৰাকী সতীৰ্থৰ সৈতে বাইকত প্ৰায় ৩ লক্ষাধিক টকা লৈ গৈ থাকোতেই আন এখন বাইকত অহা দুজনীয়া ডকাইতৰ দলে আক্ৰমণ কৰে হুমায়ুনক । ডকাইতৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় হুমায়ুন আৰু সহযোগী নুৰ মহম্মদৰ ৷
তেওঁলোকৰ মতে দুজনীয়া ডকাইতৰ দলটোৱে হত্যাৰ চেষ্টাৰে প্ৰায় ৬ জাঁই গুলীচালনা কৰিছিল । অৱশ্যে স্থানীয় ৰাইজ সমবেত হোৱাত ডকাইতৰ দলটো ধন লুট কৰাত বিফল হয় । এই ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে তদন্ত চলাই আছে বুলিও সংবাদমাধ্যমক জানিবলৈ দিয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে (SP Leena Doley on Samaguri firing)।
আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি ঘটনাস্থলীত আৰক্ষীয়ে এটা খালি কাৰ্টিজ আৰু এটা সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই সেই স্থানত উপস্থিত হয়গৈ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাস ৷ তেওঁলোকে অভিযান চলায় ঘটনাৰে জড়িত থকাৰ সন্দেহত 6 জন লোকক আটক কৰিছে ৷ অৱশ্যে এই ঘটনাত প্ৰকৃততে কোন জড়িত আছে সেই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি জনাইছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : চামগুৰিত ফুটগধূলিতে ডকাইতৰ গুলীত আহত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী