ETV Bharat / city

'সংস্কাৰ ভাৰতী অসম প্ৰান্ত'ৰ ৰূপালী জয়ন্তী: সংগীত প্ৰতিযোগিতাৰ আয়োজন - সংগীত প্ৰতিযোগিতাৰ আয়োজন

অখিল ভাৰতীয় অনুষ্ঠান 'সংস্কাৰ ভাৰতী,অসম প্ৰান্ত'ৰ ৰূপালী জয়ন্তী উপলক্ষে কলিয়াবৰ সমষ্টিৰ বিদ্যালয়সমূহত সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ 'আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ' শীৰ্ষক গীতেৰে 126 টা সমষ্টিৰ বিদ্যালয়সমূহত সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷

'সংস্কাৰ ভাৰতী অসম প্ৰান্ত'ৰ ৰূপালী জয়ন্তী : সংগীত প্ৰতিযোগিতাৰ আয়োজন
author img

By

Published : Aug 24, 2019, 9:19 AM IST

কলিয়াবৰ, 24 আগষ্ট : কলা আৰু সাহিত্যৰ প্ৰতি সমৰ্পিত এক অখিল ভাৰতীয় অনুষ্ঠান 'সংস্কাৰ ভাৰতী,অসম প্ৰান্ত'ৰ ৰূপালী জয়ন্তী উপলক্ষে কলিয়াবৰ সমষ্টিৰ বিদ্যালয়সমূহত সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সংগীতসূৰ্য‍ ড০ ভূপেন হাজৰিকাই ৰচনা কৰা আৰু জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কালজয়ী গীত 'আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ' শীৰ্ষক গীতেৰে 126 টা সমষ্টিৰ বিদ্যালয়সমূহত সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ কলিয়াবৰ সমষ্টিৰ বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় কুঁৱৰীটোলে ৷ আনহাতে, দ্বিতীয় আৰু তৃতীয় স্থান স্থান লাভ কৰে ক্ৰমে কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,হাটবৰে ৷ লগতে পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাটক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয় ৷

'সংস্কাৰ ভাৰতী অসম প্ৰান্ত'ৰ ৰূপালী জয়ন্তী

অহা 5 চেপ্তেম্বৰ তাৰিখে নগাঁও জিলাৰ আটাইকেইটা সমষ্টিৰ শীৰ্ষ স্থানপ্ৰাপ্ত বিদ্যালয়সমূহৰ মাজত জিলা ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব । 2020 চনৰ এপ্ৰিল মাহত গুৱাহাটীত অসমৰ 33 খন জিলাৰ এক লাখ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে 'আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ' শীৰ্ষক গীতটি গোৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে অনুষ্ঠানটোৰ বিষয়-ববীয়াই। পুৰণি গীতবোৰ ধৰি ৰখাৰ এই কাৰ্যসূচীয়ে ছাত্ৰ- ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে চৰ্চাৰ বাট মুকলি কৰিব বুলি আশাবাদী বিষয়-ববীয়াসকল। শুকুৰবাৰে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনৰ অনুষ্ঠানত 'সংস্কাৰ ভাৰতী,অসম প্ৰান্ত'ৰ সভাপতি নৃপেন কলিতা,সম্পাদক প্ৰণৱ চক্ৰৱৰ্তী আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ পুলকেশ বৰুৱা উপস্থিত থাকে ৷

Intro:কলিয়াবৰত সংস্কাৰ ভাৰতী অসম প্ৰান্তৰ ৰূপালী জয়ন্তী

"আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্" শীৰ্ষক গীতেৰে ১২৬ টা সমষ্টিত বিদ‍্যালয় ভিত্তিত সংগীত প্ৰতিযোগিতাৰে পালন ব‍্যতিক্ৰমী ৰূপালী জয়ন্তীBody:১৯৭০ চনতে সঙ্গীত সূৰ্য‍্য ড০ ভূপেন হাজৰিকাই ৰচনা কৰা আৰু ভাতৃ প্ৰয়াত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কালজয়ী
"আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্,
আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ্।" গীতটিয়ে পুণৰ প্ৰাণ পালে অসমৰ ১২৬ সমষ্টিৰ বিভিন্ন স্থানত, উপলক্ষ "সংস্কাৰ ভাৰতী, অসম প্ৰান্ত"ৰ ৰূপালী জয়ন্তী বৰ্ষ।
কলা আৰু সাহিত‍্যৰ প্ৰতি সমৰ্পিত এক অখিল ভাৰতীয় অনুষ্ঠান "সংস্কাৰ ভাৰতী, অসম প্ৰান্ত"ৰ ৰূপালী জয়ন্তী বৰ্ষ" উপলক্ষে কলিয়বৰ সমষ্টিৰ বিদ‍্যালয়সমূহৰ মাজত অনুষ্ঠিত হোৱা আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্" শীৰ্ষক গীত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়, কুঁৱৰীটোলে। ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে কুৱৰীটোল উচ্চ মাধ‍্যমিক বিদ‍্যালয় আৰু কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, হাটবৰে। লগতে পূৱথৰীয়া উচ্চ মাধ‍্যমিক বিদ‍্যালয় আৰু কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়, শিলঘাটক বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। অহা ৫ চেপ্তেম্বৰ তাৰিখে নগাঁও জিলাৰ কেউটা সমষ্টিৰ শীৰ্ষ স্থান প্ৰাপ্ত বিদ‍্যলয়সমূহৰ মাজত জিলা ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সংস্কাৰ ভাৰতী, অসম প্ৰান্তৰ মুখ‍্য কাৰ্য‍্যসূচী অহা ২০২০ চনৰ এপ্ৰিল মাহত গুৱাহাটীত অসমৰ ৩৩ খন জিলাৰ এক লাখ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে সঙ্গীত সূৰ্য‍্য ড০ ভূপেন হাজৰিকাই ৰচনা কৰা আৰু ভাতৃ প্ৰয়াত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কালজয়ী "আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ্" শীৰ্ষক গীতটি গোওৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে অনুষ্ঠানটোৰ বিষয়-ববীয়াই। পুৰণি গীতবোৰ ধৰি ৰখাৰ এই কাৰ্য‍্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে চৰ্চাৰ বাট মুকলি কৰিব বুলি বিষয়-ববীয়াসকল আশাবাদী।
আজি হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানত সংস্কাৰ ভাৰতী অসম প্ৰান্তৰ সভাপতি নৃপেন কলিতা, সম্পাদক প্ৰণৱ চক্ৰৱৰ্তী আৰু ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন সমিতিৰ পুলকেশ বৰুৱা উপস্থিত থাকে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.