নগাঁও, 16 জুন : হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ পিছত এইবাৰ বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁৱৰ আৰটিআই কৰ্মী আব্দুল জলিল আকন্দ । লেখক সত্যৰঞ্জন বৰাই এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি অসমৰ ঐক্য সম্প্ৰতি বিনষ্ট কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰটিআই কৰ্মীজনে । অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হ'লে বিধায়ক শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই জগৰীয়া হ'ব বুলি মন্তব্য কৰে আব্দুল জলিল আকন্দই ।
বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি বিতৰ্কৰ সূচনা কৰা বিধায়ক শিলাদিত্য দেৱ আৰু লেখক সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰো দাবী জনায় আৰটিআই কৰ্মী আব্দুল জলিল আকন্দই ।
লগতে পঢ়কঃ গালৱান ভেলীৰ পৰা সৈনিক প্ৰত্যাহাৰ ভাৰত-চীনৰ