কলিয়াবৰ, 28 জুলাইঃ বিশ্বতে জুলাইৰ ২৮ তাৰিখে উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৷ প্ৰকৃতি সংৰক্ষণে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে মানৱ জীৱনৰ প্ৰগতি আৰু বিকাশত সহায় কৰে ৷ প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা সমাজৰ প্ৰতিজন লোকৰ মাজত জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে ১৯৭০ চনৰ পৰাই জুলাইৰ ২৮ তাৰিখে উদযাপন কৰা হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৷ প্ৰকৃতি সংৰক্ষণে জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ লগতে মানৱ জীৱনৰ প্ৰগতি আৰু বিকাশত সহায় কৰে ।
কলিযাবৰ মহকুমা প্ৰশাসনে প্ৰকৃতিৰ অমূল্য সম্পদ সমূহৰ সংৰক্ষণৰ বাবে ল'লে এক অভূতপূৰ্ব পদক্ষেপ। বিলুপ্তপ্ৰায় শিহু সংৰক্ষণৰ বাবে অধ্যয়ন কৰি থকা এটি তিনি জনীয়া দলৰ লগত কলিয়াবৰ মহকুমা প্ৰশাসনে বিশেষ সহযোগিতা আগবঢ়ায়। ব্ৰহ্মপুত্ৰৰ বুকুত শিহুৰ উপস্থিতিয়ে কলিয়াবৰৰ পৰ্যটকক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ । ৰাষ্ট্ৰীয় বন্যপ্ৰাণী গৱেষণা কেন্দ্ৰৰ তত্বাৱধানত কলিয়াবৰৰ কলিয়াভোমোৰা দলঙৰ পৰা শিলঘাটৰ ব্ৰহ্মপুত্ৰত তিনিজনীয়া অধ্যয়নকাৰী দলটোৱে ৬ টাৰ পৰা ৮টা শিহুৰ অৱস্থিতি আছে বুলি জনাইছে । পৰ্যটনৰ সময়ত যাতে শিহুৰ কোনো অসুবিধা নহয় তাৰ বাবে হাত নাও ব্যৱহাৰ কৰাৰ ওপৰত দলটোৱে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । অধ্যয়নকাৰী দলটোত আছিল মহাৰাষ্ট্ৰৰ অনুৰাগ চি ৰোকাড়ে,কেৰালাৰ মেৰিন জেকৱ আৰু অসমৰ তিতাবৰৰ অভিজিৎ কোঁৱৰ। উল্লেখযোগ্য যে,লক ডাউনৰ ফলত হোৱা প্ৰকৃতিৰ যোগাত্মক পৰিৱৰ্তনে পূৰ্বতে লুইতৰ বুকুত সততে দেখা শিহুৰ উপস্থিতি পুনৰ দেখিবলৈ পোৱা গৈছে ।
আনহাতে,বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱসৰ দিনাই বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া মখনা হাতীৰ মৃত্যু হৈছে। কলিয়াবৰৰ শালনা চাহ বাগিচাৰ লেংটেং খণ্ডত সংঘটিত হৈছে দুৰ্ভাগ্য জনক ঘটনাটো । বাগিচাখনৰ লেংটেং খণ্ডৰ আমগুৰি লাইনত সংঘটিত হৈছে দুৰ্ভাগ্য জনক ঘটনাটো । জানিব পৰা মতে,এঘৰ লোকৰ বাৰীৰ কঁঠাল গছত লগাই ৰখা বিদ্যৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হৈছে। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি মৃত্যু বৰণ কৰিলে বনৰীয়া হাতীটোৱে ।ঘটনাস্থলীত বন বিভাগে বিষয়া উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বন বিভাগে সেই স্থানতে সমাধিস্থ কৰে । কলিয়াবৰত শিহুৰ উপস্থিতি আৰু ইয়াৰ ওপৰত কৰা অধ্যয়নে যেনেদৰে প্ৰকৃতিপ্ৰেমীক আনন্দ দিছে,তাৰ বিপৰীতে প্ৰকৃতিৰ ওপৰত মানৱৰ নিষ্ঠুৰ আচৰণৰ ফলত জীৱকূলৰ খাদ্য আৰু বাসস্থানৰ নাটনিৰ ফলত জনাঞ্চলত অবাধ বিচৰণে বন্য জীৱ আৰু মানৱৰ মুকলি সংঘাটৰ ফলত সৃষ্টি হোৱা এক কৰুণ ঘটনাই প্ৰকৃতি প্ৰেমীসকলক চিন্তিত কৰি তুলিছে ।
লগতে পঢ়ক- অসমৰ ভূ-খণ্ডত আগ্ৰাসন অৰুণাচলৰ