ETV Bharat / city

কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ পেলিকান পক্ষী

author img

By

Published : Feb 18, 2022, 11:37 AM IST

Updated : Feb 18, 2022, 12:22 PM IST

পেলিকান অতি বিশালকায় জলস্তৰ পক্ষী ৷ মূলতঃ অষ্ট্ৰেলিয়া, নিউ গিনি আৰু ফিজিৰ উপকূলত এই পক্ষী পোৱা যায় । শেহতীয়াকৈ, কলিয়াবৰত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হ’ল এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ পেলিকান পক্ষী (Rare Species of Pelican Bird Rescued at Kaliabor) ।

rare-species-of-pelican-bird-rescued-at-kaliabor
কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ পেলিকান পক্ষী

কলিয়াবৰ, 18 ফেব্ৰুৱাৰী : কলিয়াবৰত বৃহস্পতিবাৰে পুৱা এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ পেলিকান পক্ষী(Rare Species of Pelican Bird Rescued at Kaliabor) উদ্ধাৰ হয় । কলিয়াবৰ কাৱৈমাৰীৰ ভূপেন বৰা নামৰ লোকজনে এজোপা শিমলু গছৰ তলত উদ্ধাৰ কৰে পেলিকান পক্ষীটো । ভূপেন বৰাই দুষ্প্ৰাপ্য প্ৰজাতিৰ পেলিকান পক্ষীটো উদ্ধাৰ কৰাৰ পাছত বন বিভাগৰ লোকক অৱগত কৰে ৷

ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ পেলিকান পক্ষীটো লগত লৈ যায় ৷ বন বিভাগৰ লোকে দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষীটো পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

পেলিকান পক্ষী অতি বিশালকায় জলস্তৰ পক্ষী (Rare Species of aquatic Birds) ৷ মূলতঃ অষ্ট্ৰেলিয়া, নিউ গিনি আৰু ফিজিৰ উপকূলত এই পক্ষী পোৱা যায় । ইণ্ডোনেছিয়া আৰু নিউজিলেণ্ডৰ কিছু অংশতো এই পক্ষী পোৱা যায় ।

পেলিকান পক্ষীৰ ছালৰ ৰং বগা হয় আৰু সিহঁতৰ পাখনাবোৰ ৰং ক'লা আৰু ঠোঁটৰ ৰং গুলপীয়া হয় । চৰাইৰ ভিতৰত পেলিকানৰ ঠোঁট আটাইতকৈ দীঘল বুলিও গণ্য কৰা হয় । এই চৰাই বিধৰ প্ৰধান খাদ্য হৈছে মাছ ৷

লগতে পঢ়ক : New direction in river tourism: মহাবাহুৰ বুকুত পুনৰ ব্ৰহ্মপুত্ৰ আৰু স্নো মুকুতা

Last Updated : Feb 18, 2022, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.