ETV Bharat / city

শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ নগাঁৱত প্ৰতিবাদ

প্ৰায়েই বিদ্যালয়ত অনিয়মীয়া শিক্ষাদান আৰু শনিবাৰে দুপৰীয়া পৰ্যন্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় বন্ধ ৰখাৰ অভিযোগ তুলি স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ

শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ নগাঁৱত প্ৰতিবাদ
author img

By

Published : Apr 27, 2019, 7:20 PM IST

নগাঁও, ২৭ এপ্ৰিলঃ নগাঁৱৰ পুৰণিগুদামৰ চলচলিত শনিবাৰে পুৱা শিক্ষকৰ অনুপস্থিতিক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় ৰাইজে ৪৮৩নং চলচলি বালক মোক্তাব বিদ্যালয়লৈ শিক্ষক-শিক্ষয়ত্ৰী পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়খনৰ গেটত তলা বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰায়েই বিদ্যালয়ত অনিয়মীয়া শিক্ষাদান আৰু শনিবাৰে দুপৰীয়া পৰ্যন্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় বন্ধ ৰখাৰ অভিযোগ তুলি স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ নগাঁৱত প্ৰতিবাদ

ইয়াৰোপৰি স্থানীয় ৰাইজে ৪৮৩নং চলচলি বালক বিদ্যালয়ৰ তলা বন্ধ কৰাৰ লগতে এগৰাকী শিক্ষয়ত্ৰীক আবদ্ধ কৰিও ৰাখে । তাৰোপৰি বিদ্যালয়খনৰ সন্মুখতে থকা ৬৫৯নং চলচলি বালিকা মোক্তাব বিদ্যালয়ৰো দুগৰাকী শিক্ষয়িত্ৰীক পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়ৰ সন্মুখতে বহু সময় ধৰি আৱদ্ধ কৰি ৰখা পৰিলক্ষিত হয় ।

আৰু পঢ়কঃ বিজেপিত যোগদানৰ পিচত প্ৰথমটো ৰ'ড শ্ব'ত অংশগ্ৰহণ অভিনেতা ছানী দেওলৰ

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষক-শিক্ষয়ত্ৰী সকলৰ বিৰুদ্ধে থকা সকলো অভিযোগ একেমুখেই নস্যাৎ কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে আন একাংশ স্থানীয় লোকে । বিভাগীয় কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ।

Intro:বিদ্যালয়ত শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয়ত তলা বন্ধ কৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। Body:নগাঁৱৰ পুৰণিগুদামৰ চলচলিত শনিবাৰে পুৱাতে অনিয়মীয়া শিক্ষাদানক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজে ৪৮৩নং চলচলি বালক মোক্তাব বিদ্যালয়লৈ শিক্ষক-শিক্ষয়ত্ৰী পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়খনৰ গেটত তলা বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰায়েই বিদ্যালয়ত অনিয়মীয়া শিক্ষাদান আৰু শনিবাৰে দুপৰীয়া পৰ্য্যন্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয় বন্ধ ৰখাৰ অভিযোগ তুলি স্থানীয় ৰাইজে এই কাৰ্যসূচী হাতত লয়। ইয়াৰোপৰি স্থানীয় ৰাইজে ৪৮৩নং চলচলি বালক বিদ্যালয়ৰ তলা বন্ধ কৰাৰ লগতে এগৰাকী শিক্ষয়ত্ৰীক আবদ্ধ কৰি ৰখাৰ উপৰিও বিদ্যালয়খনৰ ঠিক সন্মুখতে থকা ৬৫৯নং চলচলি বালিকা মোক্তাব বিদ্যালয়ৰো দুগৰাকী শিক্ষয়িত্ৰীক পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়ৰ সন্মুখতে বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে। ইফালে ৪৮৩নং চলচলি বালক বিদ্যালয়ৰ ২গৰাকী শিক্ষয়িত্ৰীয়ে কাৰ্যনিবাহ কৰি থকাৰ পৰিবৰ্তে অনলাইনযোগে বিদ্যালয়খনত ৪গৰাকী শিক্ষক-শিক্ষয়িত্ৰী দেখাই থকাক লৈ তীব্ৰ আৰ্শ্চয প্ৰকাশ কৰাৰ লগতে অনলাইনৰ ৪গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ২গৰাকী শিক্ষক-শিক্ষয়িত্ৰী ক'লৈ গ'ল বুলি ৰূপহী শিক্ষা খণ্ড বিষয়া গৰাকীক বাৰে বাৰে জনাই অহাৰ পাছতো বিষয়াগৰাকীয়ে ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহন নকৰাত স্থানীয় ৰাইজ বিষয়াগৰাকীৰ ওপৰতো অসন্তুষ্ট হৈ পৰে। আনহাতে আন একাংশই ৰূপহী শিক্ষা খণ্ড বিষয়াগৰাকীয়ে সন্দেহজনকভাবে কোনো বুজাবুজিৰ বিনিময়তে ব্যাপক খেলি-মেলি কৰি থকা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে একাংশ ৰাইজে। উল্লেখ্য যে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিক্ষক-শিক্ষয়ত্ৰী সকলৰ বিৰুদ্ধে থকা সকলো অভিযোগ একেমুখেই নস্যাৎ কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে স্থানীয় আন একাংশ লোকেও। আনহাতে ৰাইজে কণ-কণ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা এই সকল শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক বিহিত ব্যৱস্থা গ্ৰহন কৰাৰ লগতে প্ৰতিখন বিদ্যালয়তে পাঞ্চিং মেচিনৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় অঞ্চলটোৰ সচেতন মহলে।
Bites: Public & Teachers.
-----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
27-4-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.