ETV Bharat / city

জলজীৱন মিছনৰ মাজতে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ বহু পৰিয়ালৰ

author img

By

Published : Mar 24, 2022, 5:55 PM IST

মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হয় বিশ্ব জল দিৱস । চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় ভালেমান অনুষ্ঠান । কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ’ল এখন বিপৰীত ছবিহে, কলিয়াবৰত এটুপি খোৱাপানীৰ বাবে হাহাকাৰ প্ৰায় ৪০ টাকৈ পৰিয়ালৰ (implementation of Jal jeevan mission failed in Kaliabar) ৷

poor-implementation-of-jal-jeevan-scheme-in-kaliabar
কলিয়াবৰত জলজীৱন মিছন আঁচনি ৰূপায়নত ব্যাপক অনিয়ম

কলিয়াবৰ, 24 মাৰ্চ : বিশ্ব জল দিৱসৰ পিছতেই দেখা গৈছে কলিয়াবৰৰ এখন গাঁৱত 40 টাকৈ পৰিয়ালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । কলিয়াবৰ শিলঘাটৰ-ৰৱৰবাৰী এটা অঞ্চলৰ ৰাইজে দৈনন্দিন জীৱনত এটুপি পানীৰ বাবে কৰিব লগা হৈছে সংগ্ৰাম । পানী আহৰণৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা দৃশ্যই চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে বিশ্ব জল দিৱসৰ উদযাপনৰ (World water day celebration) বিপৰীত দৃশ্য ।

কলিয়াবৰৰ শিলঘাটৰ-ৰৱৰবাৰী এটা অঞ্চলৰ ৰাইজৰ পদূলিয়ে-পদূলিয়ে নামত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ "জল জীৱন" আঁচনিৰ পানীৰ সংযোগ ৷ কিন্তু সেই সংযোগৰ পৰা ৰাইজে নাপায় পানী (poor implementation of Jal jeevan mission in Kaliabar) । ফলত শিলঘাট-ৰৱৰবাৰী অঞ্চলৰ প্ৰায় 40 টাকৈ পৰিয়ালে ঘৰৰ চোতালত গাঁত খান্দি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে অপেক্ষা কৰিব লগা হয় ।

কলিয়াবৰত জলজীৱন মিছন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম

পানীৰ অভাৱত গাঁওখনৰ ৰাইজে কাষতে থকা ব্ৰহ্মপুত্ৰৰ পানী অথবা দুই কিলোমিটাৰ দূৰৰ পৰা কুঁৱাৰ পানী আনি খাব লগা হৈছে । আজিলৈকে অঞ্চলটোৰ ৰাইজে নাপালে চৰকাৰী আঁচনিৰ বিশুদ্ধ খোৱাপানী । উল্লেখ্য যে, আধুনিক পৃথিৱীখনত আজিও বহুতো দেশ আছে যিয়ে তীব্ৰ পানীৰ অভাৱৰ সন্মুখীন হৈছে । ৰাষ্ট্ৰসংঘই বিশ্বক পানীৰ সংকটৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে বিশ্ব জল দিৱস উদযাপন কৰা আৰম্ভ কৰিছিল ।

1992 চনত ৰিঅ' ডি জেনেৰিঅ’ত অনুষ্ঠিত পৰিৱেশ আৰু উন্নয়নৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনে বিশ্ব জল দিৱস পালন কৰিবলৈ সিদ্ধান্ত লয় ৷ ইয়াৰ পাছতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে আৰু 1993 চনৰ পৰা এই দিনটো বিশ্ব জল দিৱস হিচাপে উদযাপন কৰে । তেতিয়াৰে পৰা পানীৰ গুৰুত্ব, প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে প্ৰতি বছৰে 22 মাৰ্চৰ দিনটো বিশ্ব জল দিৱস উদযাপন কৰা হয় ।

লগতে পঢ়ক : TET teachers protest : হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত কঁপিল গুৱাহাটীৰ কাহিলিপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.