ETV Bharat / city

কলিয়াবৰত ওলাল প্লাষ্টিকৰ চাউল - nagaon

পানীত সিজালে নিসিজে চাউল ৷ মজিয়ালৈ দলি মাৰি পঠালে প্লাষ্টিকৰ বলৰ দৰেই উফৰি পৰেগৈ ৷ কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰ ৰান্ধনিশালত এইবাৰ ধৰা পৰিল প্লাষ্টিকৰ চাউল ৷

etv bharat
author img

By

Published : Jun 13, 2019, 6:56 AM IST

কলিয়াবৰ, 13 জুন: বজাৰ দিনক দিনে বৃদ্ধি পাইছে ভেজাল খাদ্যৰ ভাণ্ডাৰ ৷ কলিয়াবৰত এইবাৰ ওলালে প্লাষ্টিকৰ সদৃশ চাউল ৷ খোদ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ ৰান্ধনিশালতে ধৰা পৰিল প্লাষ্টিকৰ দৰে এই ভেজাল চাউল ৷ আৰক্ষী বিষয়া মৃন্ময় দাসৰ ব্যক্তিগত আৱাস গৃহত ভাত ৰান্ধনিয়ে ধৰা পেলালে এই চাউল ৷ ঘন্টা ঘন্টা ধৰি সিজালেও নিসিজে এই প্লাষ্টিকৰ চাউল ৷ ইয়াৰ পৰিৱৰ্তে বলৰ দৰে গোট মাৰিবলৈহে ধৰে চাউল খিনি ৷ তাতোতকৈ আচৰিত এইয়ে যে, প্লাষ্টিকৰ বলৰ দৰেই মজিয়াত উফৰি পৰে চাউলৰ লডাটো ৷

কলিয়াবৰত ওলাল প্লাষ্টিকৰ চাউল

উল্লেখ্য যে, কুঁৱৰীটোলৰ ৰাধা কৃষ্ণ ষ্ট'ৰ নামৰ দোকান খনৰ পৰা ক্ৰয় কৰা চাউল খিনি যোৰহাট চিনাামৰাৰ শিৱ শক্তি ৰাইচ মিলত উৎপাদিত আৰু মেলামতি ব্ৰেণ্ডৰ চাউল । ইয়াৰ পূৰ্বেও ৰাজ্যখনত এনেধৰণৰ প্লাষ্টিক গুণ সম্পন্ন খাদ্য ধৰা পৰাৰ উদাহৰণ আছে ৷ শেহতীয়াকৈ আৱিষ্কাৰ হোৱা এই প্লাষ্টিক চাউলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

Intro:প্লাষ্টিকৰ চাউল
কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ ৰান্ধনিশালত প্লাষ্টিকৰ চাউলBody:এইবাৰ কলিয়াবৰত ধানৰ চাউলৰ সলনি সিজিল প্লাষ্টিকৰ চাউল। খোদ মহকুমা আৰক্ষী বিষয়াৰ ৰান্ধনিশালত ধৰা পৰিল প্লাষ্টিকৰে তৈয়াৰী চাউল। মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ ব্যক্তিগত আৱাস গৃহত ভাত ৰান্ধনিয়ে ধৰা পেলায় প্লাষ্টিক সদৃশ চাউল। বহু সময় ধৰি চাউলখিনি নিসিজাৰ বাবে পৰীক্ষা কৰোতেই ৰান্ধনিজনে প্ৰত্যক্ষ কৰে প্লাষ্টিক জাতীয় সামগ্ৰী। বলৰ দৰে গোট মাৰে এই আধা সিজা চাউলৰ লডা। বলৰ দৰেই মজিয়াত উফৰি পৰে চাউলৰ লডা। আনহাতে, জুই লগাই চোৱাতো চাউলখিনিত প্লাষ্টিকৰ দৰেই গুণ পৰিলক্ষিত হয়। উল্লেখ্য যে, কুঁৱৰীটোলৰ ৰাধা কৃষ্ণ ষ্ট'ৰ নামৰ দোকান খনৰ পৰা ক্ৰয় কৰা চাউল খিনি যোৰহাট চিনাামৰাৰ শিৱ শক্তি ৰাইচ মিলত উৎপাদিত আৰু মেলামতি ব্ৰেণ্ডৰ চাউল। মহকুমা আৰক্ষী বিষয়াৰ পাকঘৰতে প্লাষ্টিক সদৃশ চাউল ওলোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.