ETV Bharat / city

হাতীৰ স্মৃতিসৌধৰ বিপৰীতে বামুণী তপতজুৰিত গছপুলি ৰোপন - ajycp

মিকিৰ বামুণীত আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱস উদযাপন । ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা স্থানত গছপুলি ৰোপনৰ কাৰ্যসূচী বিভিন্ন সংগঠনৰ । ৰায়তী কৃষকক মাটিৰ খতিয়ানৰ নকল কপি প্ৰদানৰ দাবী ।

হাতীৰ স্মৃতিসৌধৰ বিপৰীতে বামুণী তপতজুৰিত গছপুলি ৰোপন

author img

By

Published : May 22, 2021, 10:52 PM IST

নগাঁও, 22 মে' : ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা বামুণী, তপতজুৰি এলেকাত বনমন্ত্ৰীয়ে স্মৃতিসৌধ নিৰ্মাণৰ ঘোষণা কৰাৰ বিপৰীতে হাতীৰ খাদ্যৰ বাবে গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত লৈছে স্থানীয় লোকৰ লগতে বিভিন্ন সংগঠনে । জৈৱ বৈচিত্ৰ দিৱস উপলক্ষে শনিবাৰে মিকিৰ বামুণীৰ ৰাইজ তথা নগাঁৱৰ বিভিন্ন দল সংগঠনৰ সহযোগত হাতীৰ বিচৰণস্থলী মিকিৰ বামুণী গ্ৰাণ্ট তথা শুকানজুৰী, বামুণী, তপতজুৰী পাহাৰ আৰু পাহাৰৰ দাঁতি কাষৰীয়া স্থানত হাতীৰ প্ৰিয় খাদ্য ঔটেঙা, ডিমৰু আদিৰ লগতে বিভিন্ন ধৰণৰ ফল মুল, গছৰ পুলি ৰোপণ কৰাৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উল্লেখযোগ্য যে, হাতীৰ লগতে বিভিন্ন কাৰণত দুষ্প্ৰাপ্য বিভিন্ন বন্যপ্ৰাণীৰ বিচৰণভূমি সেউজ সমৃদ্ধ এই অঞ্চলটোৰ গছ গছনি সমূহৰ অবাধ ধ্বংস হৈ অহাৰ ফলত জীৱ জন্তুসমূহ সংকটৰ সন্মুখীন হৈছে । আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱসৰ চলিত বৰ্ষৰ থিম উই আৰ পাৰ্ট অৱ দ্যা চলিউচন ফৰ নেছাৰৰ লগত সঙ্গতি ৰাখি উক্ত অঞ্চলটোত ৰাজহুৱা প্ৰচেষ্টাত গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয় । উক্ত অনুষ্ঠানটোত মিকিৰ বামুণীৰ ৰাইজ স্বতঃস্ফূৰ্তভাবে ওলাই আহি অংশগ্ৰহণ কৰে ।

হাতীৰ স্মৃতিসৌধৰ বিপৰীতে বামুণী তপতজুৰিত গছপুলি ৰোপন
হাতীৰ স্মৃতিসৌধৰ বিপৰীতে বামুণী তপতজুৰিত গছপুলি ৰোপন

অনুষ্ঠানটোত নিখিল ভাৰত কৃষক সভা, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ উপৰিও মিকিৰ বামুণীৰ কাষৰীয়া অঞ্চলৰ প্ৰকৃতিপ্ৰেমী লোক সকলেও অংশগ্ৰহণ কৰে । ক'ভিড প্ৰট'কলৰ মানি ৰূপায়িত হোৱা অনুষ্ঠানত উপস্থিত লোকসকলে বামুণী পাহাৰ হাতীৰ ৰহস্যজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে হাতীৰ বিচৰণ ভূমি এই অঞ্চলটোৰ গছ গছনি তথা শিল, মাটি সংগ্ৰহৰ বাবে সংলগ্ন পাহাৰ সমূহ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া কাৰ্যত ক্ষোভ প্ৰকাশ কৰে ।

তদুপৰি উক্ত অঞ্চলটোত যুগ যুগ ধৰি কৃষি কৰ্মৰ লগত জড়িত খিলঞ্জীয়া ৰায়তী কৃষকৰ কেইবাশ বিঘা মাটি এজিউৰ নামৰ এটা কোম্পানিয়ে অবৈধ ভাৱে অধিগ্ৰহণ কৰি সৌৰ প্ৰকল্প নিৰ্মান কৰা কাৰ্যই হাতীৰ লগতে সমগ্ৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰলৈকে সংকট নমাই আনিব বুলি মত পোষণ কৰি কোম্পানীটোৱে বিভিন্ন চৰকাৰী আমোলা, বিষয়া, একাংশ চৰকাৰী দালালৰ সহযোগত থলুৱাৰ ভূমি অধিগ্ৰহণৰ বাবে কৰি অহা বিভিন্ন দুষ্কৰ্মৰ উচিত তদন্তৰ দাবী জনায় ।

বহিৰাগত বনিয়াৰ হৈ থলুৱা কৃষকক অযথা হাৰাশাস্তি কৰি ভীতিগ্ৰস্ত নকৰাবলৈ স্থানীয় পুলিচ প্ৰশাসনকো আহ্বান জনায় । নগাঁও জিলাৰ উপায়ুক্ত গৰাকীক শনিবাৰৰ অনুষ্ঠানত উপস্থিত লোক সকলে অতি শীঘ্ৰে বাকী থকা ৰায়তী কৃষক সকলৰ খতিয়ানৰ নকল কপি প্ৰদানৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : শপত গ্ৰহণ এৰি ক'ত গ'ল বিধায়ক চিৰাজুদ্দিন আজমল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.