নগাঁও, 13 নৱেম্বৰ : কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাণ্ডৰ উচিত তদন্ত দাবী কৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বিভিন্ন দল-সংগঠনে ৷ শুকুৰবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁৱৰ বহুকেইজন সাহিত্যিক, সাংবাদিক আৰু শিল্পীয়ে ৷
পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰা ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগ দাবী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ।
![পৰাগ ভূঞাৰ হত্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9535157_2.jpg)
লগতে পঢ়ক : মিৰ্জাত সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ দাবীত সাংবাদিকৰ মৌন প্ৰতিবাদ