ৰহা, 14 জুনঃ নগাঁৱৰ ৰহাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এটা দুৰ্ধৰ্ষ ডকাইত ৷ দীৰ্ঘ দিনৰে পৰা এ টি এমৰ ধন লুটি আহিছিল দুৰ্ধৰ্ষ ডকাইটোৱে ৷
দেওবাৰে ৰহা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এটা দুৰ্ধৰ্ষ ডকাইত ৷ ধৃত ডকাইতোৰ নাম গোবিন নাথ ৷ উল্লেখ্য যে, ৰহা চাৰি আলিৰ উজ্জীৱন বেংকৰ এ টি এম ভাঙি পলায়ন কৰিছিল গোবিন নাথ নামৰ ডকাইটো । জানিব পৰা মতে , যুৱকজনে শনিবাৰে নিশা হাতত এডাল লোৰ ৰড লৈ উজ্জীৱন বেংকৰ এ টি এম টোৰ ভিতৰত প্ৰবেশ কৰিছিল ৷ ধন লুট কৰাৰ উদ্দেশ্যৰে এ টি এম মেচিনটো ভাঙিবলৈ চেষ্টা কৰে ডকাইতটোৱে । বেংক কৰ্তৃপক্ষই বিজুলী সংকেতযোগে এই কথা গম পাই লগে লগে ৰহা আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে । অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতেই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছিল ডকাইতো । পিছত এ টি এমটোত সংলগ্ন চি চি টি ভি ফুটেজৰ সহায়ত ৰহা আৰক্ষীয়ে গোবিন নাথক কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীফন্দী লুটুমাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।