ETV Bharat / city

৪ মাহে দৰমহা লাভ কৰা নাই স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে - কৰ'ণা মহামাৰী

দীৰ্ঘ দিন ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰী সকল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে নগাঁও ম'হখুলি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত একগোট হৈ দৰমহা নিয়মীয়া কৰিবলৈ দাবী জনায় ৷

Non permanent Employee Appeal For Monthly Salary At Samguri, nagaon District
1500 টকাত এজন মানুহে চলিব নোৱাৰি:স্বাস্থ্য কৰ্মী
author img

By

Published : Jul 4, 2021, 7:37 PM IST

চামগুৰি,4 জুলাই : নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ সদস্য সকল দেওবাৰে প্ৰাপ্য দৰমহা বিচাৰি সৰব হৈ পৰে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সকলে নগাঁৱৰ ম'হখুলি মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত প্ৰাপ্য অধিকাৰ বিচাৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ কাৰণ দীৰ্ঘ দিন ধৰি তেওঁলোকৰ দৰমহা নিয়মীয়াকৈ নোপোৱা বুলি অভিযোগ কৰাৰ লগতে দৰমহা বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

উল্লেখ্য যে, অস্থায়ী কৰ্মচাৰী সকলে বিগত ৪ মাহ ধৰি দৰমহা নোপোৱাৰ কথা সংবাদ মাধ্যমযোগে সদৰি কৰিছে । কৰ'ণা মহামাৰীৰ সময়ত ৰাইজক সেৱা আগবঢ়াই অহা এই কৰ্মচাৰী সকলে দীৰ্ঘ দিন ধৰি প্ৰাপ্য দৰমহা নোপোৱাৰ ফলত বৰ্তমান পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । এই অস্থায়ী কৰ্মচাৰী সকলে মাত্ৰ 1500 টকা দৰমহাতে দৈনিক নিজৰ দায়িত্ব পালন কৰি আহিছে যদিও সেই সামান্যতম দৰমহাৰ পৰাও বঞ্চিত হোৱা বুলি অভিযোগ কৰিছে কৰ্মচাৰী সকলে ৷

৪ মাহে দৰমহা লাভ নকৰিলে স্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে

যেনেকৈ চৰকাৰী কৰ্মচাৰী সকলে হাজাৰ হাজাৰ টকা লাভ কৰে যদিও ইয়াৰ বিপৰীতে অস্থায়ী স্বাস্থ্য কৰ্মীচাৰী সকলৰ দৰমহা তেনেই সীমিত ৷ সেই সীমিত দৰমহাৰেই নিজৰ লগতে পৰিয়ালটো পোহ পাল দি আহিছে যদিও মাহৰ মূৰত যিকেইটা পইচা পাইছিল সেইখিনিও অনিয়মীয়াকৈ লাভ কৰাত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সকল ৷

তেওঁলোকে চৰকাৰী কৰ্মচাৰীৰ দৰে নহ'লেও তেওঁলোকৰ দৰে দৰমহাৰ 50 শতাংশ দিলেও জীৱন যাপন কৰিবৰ বাবে সহায়ক হ'ব বুলি মন্তব্য কৰে । উল্লেখ্যযোগ্য যে, এইসকল কৰ্মচাৰীয়ে আকস্মিক দুৰ্ঘটনাত মৃত্যু হ’লেও চৰকাৰী চাকৰিয়ালৰ দৰে নাপায় কোনো চৰকাৰী সা-সুবিধা । বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে অস্থায়ী কৰ্মাচাৰী সকেল ৷ অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক-ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰীলৈ মন্ত্ৰী ৰণজিৎ দাসৰ কঠোৰ সকীয়নি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.