কলিয়াবৰ, 15 মাৰ্চ : আৰম্ভ হ’ল 2021-22 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (AHSEC final exam 2022) ৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে যোৱা বৰ্ষত অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা ৷ কিন্তু এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰিছে শিক্ষা বিভাগে ৷ পিচে পৰীক্ষাৰ মাজতে পৰিলক্ষিত হৈছে এটা গুৰুত্বপূৰ্ণ বিষয় ৷ বহু বিদ্যালয়ত নাই বিষয় শিক্ষক (No subject teacher in school) ৷ শিক্ষা অসম্পূৰ্ণ হৈ ৰৈছে শিক্ষাৰ্থীৰ ৷ বছৰ বছৰ ধৰি বিষয় শিক্ষকৰ নিযুক্তি নোহোৱাত বিপদত পৰিছে শিক্ষাৰ্থী ৷
ৰাজ্যৰ বহু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠগ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী ৷ বিষয় শিক্ষক নথকাৰ বাবে অসম্পূৰ্ণ হৈ ৰৈছে পাঠদান (Teaching incomplete due to shortage of subject teacher) ৷ তেনেদৰেই পৰীক্ষাত বহিব লগীয়া হৈছে শিক্ষাৰ্থী ৷ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কেইবাখনো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই বিষয় শিক্ষক ৷ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 9 বছৰে খালী হৈ আছে উদ্ভিদ বিজ্ঞান বিষয়ৰ শিক্ষকৰ পদটো ৷
একেদৰে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষকৰ অভাৱত বন্ধ হৈ পৰিল বাণিজ্য বিভাগ ৷ ৰাজ্যৰ চৰকাৰী খণ্ডত নতুনকৈ হাইস্কুল পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা ১৫৮ খন বিদ্যালয়ৰ লগতে প্ৰায় সংখ্যক পুৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক অবিহনেই শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব লগা হৈছে শিক্ষা ।
উল্লেখ্য যে, দীৰ্ঘসময় ধৰি ৰাজ্যৰ শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সেই সময়ত শিক্ষা বিভাগত আমুল পৰিৱৰ্তন সাধন হোৱা বুলি গৰ্ব কৰা মন্ত্ৰীগৰাকীৰ কিন্তু চকুত নপৰিল এই গুৰুত্ব পূৰ্ণ বিষয়টো ৷ যাৰ ফলত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে সেই সমূহ বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকল ৷
লগতে পঢ়ক : উত্তৰ-পূৱৰ উন্নয়নৰ বাবে মোডী চৰকাৰে বিশেষ গুৰুত্ব দিছে : সৰ্বানন্দ সোণোৱাল