কলিয়াবৰ,17 এপ্ৰিল: ৰাজ্যত পুনৰ এবাৰ ক’ভিডৰ আতংক ৷ দিনক দিনে বাঢ়িব ধৰিছে ক’ভিড ৰোগীৰ সংখ্যা ৷ ৰাজ্যৰ ৰে'ল ষ্টেচন, বিমানবন্দৰকে ধৰি সকলোতে ক’ভিড টেষ্ট কৰাতো বাধ্যতামূলক হৈ পৰিছে ৷ ইয়াৰ সমান্তৰালভাৱে শিলঘাট ৰে'ল ষ্টেচনত চিনাক্ত হৈছে বহিঃৰাজ্যৰ যাত্ৰী ৷ এইবাৰ কলিয়াবৰলৈ অহা ৰে'লযাত্ৰীয়ে কঢ়িয়ালে ক’ভিড 19 । শিলঘাট ৰে’ল ষ্টেচনত স্বাস্থ্য বিভাগে কৰা পৰীক্ষাত চিনাক্ত হয় যাত্ৰী গৰাকী । ৰাজ্যৰাণী এক্সপ্ৰেছত অহা এগৰাকী মহিলা যাত্ৰীক ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে । ২৬ বছৰীয়া মহিলাগৰাকীৰ ঘৰ ৰাজস্থানত বুলি জনাইছে স্বাস্থ্য বিভাগে ।
উল্লেখ্য যে, স্বাস্থ্য বিভাগে আক্ৰান্তক ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷ মহিলা গৰাকীক ধৰি কলিয়াবৰত ক’ভিড আক্ৰান্তৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি পায় ৷
লগতে পঢ়ক :মহাৰাষ্ট্ৰত হঠাৎ অক্সিজেনৰ মূল্যবৃদ্ধি