নগাঁও, 15 জানুৱাৰী: মধ্য অসমৰ অভিকেন্দ্ৰ নগাঁও চহৰে লাভ কৰিছে আন এক নতুন ৰূপ । চহৰখনৰ মাজমজিয়াত মুকলি কৰা হ’ল অমৃত কানন উদ্যান । যানজঁট নিয়ন্ত্ৰণৰ বাবে মুকলি আন এখন নতুন দলং (Inauguratin of Nagaon Haibargaon bridge in Nagaon) । লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে আধাৰশিলা স্থাপন কৰা দলংখন মুখ্যমন্ত্ৰী হিচাপে শুভ উদ্বোধন কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
এতিয়াৰ পৰা কিছু পৰিমানে হ’লেও হ্ৰাস হ'ব নগাঁও চহৰৰ যানজঁট । কাৰণ নগাঁও চহৰৰ যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ উদ্দেশ্যেই বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত চহৰৰ মাজমজিয়াত আৰম্ভ কৰা পকী দলংখন শণিবাৰে শুভ উদ্বোধন কৰা হ’ল ৷
গুৱাহাটীৰ দিছপুৰ অথবা গণেশগুৰিৰ উৰণীয়া সেঁতুৰ দৰেই আটকধুনীয়া কৰা হৈছে দলংখন । আৰ চি চি দলঙৰ দেৱালত দেখা পাব অসম গৌৰৱ এশিঙীয়া গঁড়ৰ প্ৰতিকপট, অসমৰ ঐতিহ্য বহন কৰা বহু ভাস্কৰ্য । দলংখনত চালে চকু ৰোৱাকৈ চিত্ৰ অংকন কৰিছে নগঞা শিল্পী বিজয় ভূঞাই । কলঙৰ ওপৰত আনন্দৰাম ঢেকিয়াল ফুকন সেতুৰ সমীপতে দ্বিতীয়খন দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল ২০১৯ চনত । সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা দলংখন পহিলা মাঘত মুকলি কৰা হয় নগাঁও তথা মধ্য অসমবাসীৰ বাবে । নগাঁও চহৰৰ মাজেৰে অহা যোৱাৰ বাবে দুখনকৈ দলং মুকলি কৰাত এতিয়া কিছু হলেও স্বস্তিৰ নিশ্বাস এৰিব নগাঁওবাসীয়ে । দলংখন মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মান বিভাগ আৰু স্থানীয় বিধায়ক ৰূপক শৰ্মাক ধন্যবাদৰ লগতে অভিনন্দন জনোৱাৰ ওপৰিও দলংখন উদ্বোধন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য দিয়ে ৷
আনহাতে সমগ্ৰ দেশে পালন কৰা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁও চহৰৰ আৱৰ্ত ভৱনৰ সমীপত তথা মূল পথৰ কাষতে নিৰ্মাণ কৰা হৈছে অমৃত কানন উদ্যান (Amrit Kanon Park Inauguratin built by Nagaon Municipality Board) । বৰেণ্য ব্যক্তি জৱাহৰলাল নেহৰু, সুভাসচন্দ্ৰ বসু, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিমূৰ্তিৰ লগতে নগাঁৱৰ বিশিষ্ট ব্যক্তি হলধৰ ভূঞা, মহেন্দ্ৰনাথ হাজৰিকা, দেৱকান্ত বৰুৱা, পূৰ্ণকান্ত শৰ্মাৰ আৱক্ষ মূৰ্তিও এই স্থানলৈ স্থানান্তৰ কৰা হৈছে । শনিবাৰে এই উদ্যানখনৰো শুভ উদ্ধোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
নগাঁৱৰ এই অনুস্থানত অংশ গ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে আন এক গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ক’য় যে, এতিয়া কেৱল উন্নয়নৰ কথাহে পাতিব বিচাৰে তেওঁ ৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ কথা আলোচনা কৰি বিতৰ্কত সোমাব বিচৰা নাই ৷
উল্লেখ্য যে, নগাঁও চহৰৰ মাজমজিয়াৰে কলঙৰ ওপৰত নতুনকৈ স্থাপন কৰা পকী দলঙৰ লগতে অমৃত কানন উদ্যানে এতিয়া কৰিছে সকলোৰে দৃষ্টি আকৰ্ষণ ।
লগতে পঢ়ক: '' ইয়ে ক্যা নাটক হ্যে ? '': নগাঁৱৰ উপায়ুক্তক মুখ্যমন্ত্ৰীৰ ধমক