ETV Bharat / city

জুৰীয়াত চাঞ্চল্য : স্বামী শাহুয়ে জ্বলাই দিলে বোৱাৰীক

author img

By

Published : Sep 27, 2019, 9:17 PM IST

নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে 80 শতাংশ অগ্নিদগ্ধ বোৱাৰীগৰাকীয়ে ৷

জুৰীয়াত চাঞ্চল্য : স্বামী শাহুয়ে জ্বলাই দিলে বোৱাৰীক

নগাঁও, 27 চেপ্তেম্বৰ: এক জঘন্য অমানুষিক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি নগাঁৱৰ জুৰীয়াত। মাত্ৰ কেইদিন পূৰ্বে জুৰীয়াৰ ধিং গাঁৱৰ এগৰাকী বোৱাৰীক স্বামীয়ে জ্বলাই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই জুৰীয়াৰ পৰমাইভেটিত সংঘটিত হৈছে এক অনুৰূপ ঘটনা ৷ মাতৃৰ সৈতে মিলি স্বামীয়ে জ্বলাই দিলে জুৰীয়াৰ পৰমাইভেটি গাঁৱৰ জোনমনি বেগম নামৰ এগৰাকী মহিলাক ৷ শৰীৰৰ প্ৰায় 80 শতাংশ অগ্নিদগ্ধ হোৱা বোৱাৰী গৰাকীয়ে বৰ্তমান জীৱন-মৰণৰে যুঁজিছে নগাঁও অসামৰিক চিকিৎসালয়ত ৷

ঘটনা অনুসৰি মহিলাগৰাকী মাত্ৰ ডেৰ বছৰ পূৰ্বে পৰমাইভেটি গাঁৱৰ ইনামূল হকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু বিয়াৰ পাছৰে স্বামী গৃহৰ লোকে তেঁওৰ ওপৰত আৰম্ভ কৰে ব্যাপক শাৰীৰিক আৰু মানসিক অত্যাচাৰ ৷ শুকুৰবাৰে অত্যাচাৰৰ সীমা চেৰাই যোৱাত মহিলাগৰাকীক জ্বলাই দিয়ে স্বামীৰ পৰিয়ালৰ লোকে ৷ ইফালে বোৱাৰী হিচাপে পছন্দ নোহোৱাৰ বাবেই নিৰ্যাতন কৰি তেওঁক স্বামী আৰু শাহুয়ে জ্বলাই দিছে বুলি চাঞ্চল্যকৰ অভিযোগ কৰিছে অগ্নিদগ্ধ মহিলাগৰাকীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

Intro:পুনৰ জঘন্য ঘটনা নগাঁৱৰ জুৰীয়াত। জ্বলাই দিলে বোৱাৰীক। শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ বোৱাৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। স্বামী শাহুয়ে জ্বলাই দিয়াৰ অভিযোগ। চিকিৎসালয়ত মৰণকাতৰ চিৎকাৰ অগ্নিদগ্ধ বোৱাৰীৰ।

Body:এক জঘন্য অমানুষিক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি নগাঁৱৰ জুৰীয়াত। মাত্ৰ কেইদিন পূৰ্বে জুৰীয়াৰ ধিং গাঁৱৰ এগৰাকী বোৱাৰীক স্বামীয়ে জ্বলাই হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই জুৰীয়াৰ পৰমাইভেটিত সংঘটিত হয় অনুৰূপ ঘটনা। জোনমনি বেগম নামৰ এইগৰাকী মহিলা মাত্ৰ ডেৰ বছৰ পূৰ্বে আবদ্ধ হৈছিল পৰমাইভেটি গাঁৱৰ ইনামূল হকৰ সৈতে। বিয়াৰ পিছৰ পৰাই স্বামী পৰিয়ালৰ নিৰ্যাতন সহ্য কৰি অহা মহিলাগৰাকীক শুক্ৰবাৰে পুৱাই জ্বলাই দিয়ে স্বামী পৰিয়ালে। শৰীৰৰ ৮০ শতাংশ অগ্নিদগ্ধ হোৱা মহিলাগৰাকীয়ে দিলে চাঞ্চল্যকৰ স্বীকাৰোক্তি। বোৱাৰী হিচাপে পছন্দ নোহোৱাৰ বাবেই নিৰ্যাতন কৰি অহা স্বামী আৰু শাহুয়ে জ্বলাই দিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে। নগাওঁ অসামৰিক চিকিৎসালয়ত এতিয়া মৃত্যুৰে যুঁজিছে অগ্নিদগ্ধ মহিলাগৰাকীয়ে।
bite,
---------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৭-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.