ETV Bharat / city

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 30, 2020, 4:36 AM IST

বিলাসী বাহনেৰে ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা চলাওতেই আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী ৷ নিচা জাতীয় ঔষধ সহ আটক দুই ধৃত ৷

Nagaon Police seized Two Drugs Peddler
Nagaon Police seized Two Drugs Peddler

নগাঁও, 30 জুনঃ নগাঁও আৰক্ষীৰ এক সফলতা ৷ বিলাসী বাহনেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলোৱা দুই সৰবৰাহকাৰীক আটক ৷

সোমবাৰে সন্ধিয়া নগাঁও নগৰ আৰক্ষীৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ সৰবৰাহকাৰীক । লোক দুজনৰ পৰা প্ৰায় 150 টা নিচাজাতীয় কফ্ চিৰাপৰ বটল লাভ কৰে আৰক্ষীয়ে ৷

নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

এক গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ বৰঘাট বাইপাছৰ পৰা এখন চুইফট ডিজায়াৰ বাহনেৰে নিচাজাতীয় ঔষধ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ দলটোৱে চুইফট ডিজায়াৰ বাহনখন জব্দ কৰে ৷ লখিমপুৰৰ আব্দুল গফুৰ আৰু আব্দুল আলী নামৰ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ৷ লখিমপুৰৰ পৰা ড্ৰাগছসমূহ লৈ অহা সময়তে নগাওঁ আৰক্ষীৰ জালত পৰে এই দুই সৰবৰাহকাৰী ।
লগতে চাওক-ভাৰতৰ প্ৰথম স্বদেশী COVID-19 প্ৰতিষেধক ‘‘COVAXIN’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.