ETV Bharat / city

31 আগষ্টৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন : খাৰুপেটীয়াত এন আৰ চিৰ সজাগতা সভা

author img

By

Published : Aug 26, 2019, 9:22 PM IST

Updated : Aug 26, 2019, 11:50 PM IST

স্পৰ্শকাতৰ নগাঁও জিলাত যিকোনো পৰিস্থিতিৰ বাবে সষ্টম আৰক্ষী-প্ৰশাসন ৷ বৰপেটাত আৰক্ষী অধীক্ষকৰ সকীয়নি উৰাবাতৰি-সাম্প্ৰদায়িক মন্তব্য দিলে যাব লাগিব জেললৈ ৷

31 আগষ্টৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন : খাৰুপেটীয়াত এন আৰ চিৰ সজাগতা সভা

নগাঁও-দৰং, 26 আগষ্ট: মাজত আৰু মাত্ৰ চাৰিটা দিন ৷ অহা ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷ স্পৰ্শকাতৰ নগাঁও জিলাত নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছত কোনো দুষ্ট চক্ৰই কোনো অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে এতিয়া সষ্টম হৈ উঠিছে নগাঁও আৰক্ষী ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে নগাঁও আৰক্ষীয়ে ৷ ইফালে চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব বুলি সংবাদিকৰ আগত মন্তব্য কৰে জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে ৷ ইফালে ছ'চিয়েল মিডিয়াৰ ওপৰতো চোকা নজৰ ৰাখিছে আৰক্ষীৰ চাইবাৰ চেলে ৷ ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো লোকে অপপ্ৰচাৰ কৰিলে তাৰ বিৰুদ্ধেও কঠোৰ ব্যবস্থা গ্ৰহণ কৰিব নগাঁও আৰক্ষীয়ে ৷ ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তুলিবৰ বাবে জিলাখনত নিৰাপত্তাৰক্ষীৰ ১৫ টা কোম্পানী সাজু ৰখা হৈছে ৷

31 আগষ্টৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

আনহাতে আজি দৰঙৰ জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত খাৰুপেটীয়াৰ অসম ক্লাৱৰ প্ৰেক্ষাগৃহত এক এন আৰ চি সজাগতা সভা অনুষ্ঠিত হয় ৷ আৰক্ষী অধীক্ষক অমৃত ভূঞাই সৰ্বসাধাৰণ ৰাইজক এন আৰ চিক লৈ আতংকিত নহবলৈ আহ্বান জনাই উৰা বাতৰি প্ৰচাৰ কৰা, ছ'চিয়েল মেডিয়া যোগে সাম্প্ৰদায়িক মন্তব্য কৰা সকলক তেনে কাৰ্যৰ পৰা দূৰত থাকিবলৈ সকীয়াই দিয়ে ৷ স্থানীয় আৰক্ষী,বিভিন্ন দল সংগঠন,গাঁওৰক্ষী বাহিনী আৰু শতাধিক ৰাইজৰ আগত এন আৰ চিৰ তালিকা প্ৰকাশৰ পিছত সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে দৰং জিলাৰ আৰক্ষী প্ৰশাসন সষ্টম বুলি উল্লেখ কৰে ৷

খাৰুপেটীয়াত এন আৰ চিৰ সজাগতা সভা

Intro:৩১ আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চুড়ান্ত তালিকা। ৰাজ্যৰ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত নগাঁৱত যাতে কোনো দুষ্টচক্ৰই কোনো অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে সষ্টম নগাওঁ আৰক্ষী। চচিয়েল মিডিয়াৰ ওপৰতো চোকা নজৰ আৰক্ষীৰ চাইবাৰ চেলৰ।

Body:৩১ আগষ্টলৈ সম্পূৰ্ণ সাজু নগাওঁ আৰক্ষী। ৩১ আগষ্টত প্ৰকাশ পাব বহু প্ৰত্যাশিত এন আৰ চি। এন আৰ চি ৰ চুড়ান্ত তালিকা প্ৰকাশৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰক্ষীয়ে। চুড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে ৰাইজৰ মাজত সৃষ্টি কৰিব সজাগতা। কিন্তু আইনৰ বিৰুদ্ধে কোনো লোকে অৱস্থান কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নগাওঁ আৰক্ষীয়ে। ইতিমধ্যে সাজু মুঠ ১৫ টা কোম্পানী। ইপিনে চচিয়েল মিডিয়াৰ ওপৰতো চোকা নজৰ আৰক্ষীৰ চাইবাৰ চেলৰ। চচিয়েল মিডিয়াৰ জৰিয়তে কোনো লোকে কোনো অপপ্ৰচাৰ কৰিলে তাৰ বিৰুদ্ধেও কঠোৰ ব্যবস্থা গ্ৰহণ korib বুলিও জনালে নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে।
bite, sp
---------------------------;;----------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৬-৮-১৯

Conclusion:
Last Updated : Aug 26, 2019, 11:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.