ETV Bharat / city

অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান - nagaon drugs seize news

নগাঁও আৰক্ষীয়ে জিলা খনৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । নগাঁও আৰক্ষীৰ জালত ১৪ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷

অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

author img

By

Published : May 24, 2021, 4:47 PM IST

নগাঁও, 24 মে' : নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । সোমবাৰে আৰক্ষীয়ে চলোৱা ব্যাপক অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পুনৰ আটক কৰা হয় ১৪ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক ।

অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

নগাঁও চহৰৰ ভূঞাপট্টি, মৰিকলং, কাৱৈমাৰী আদি এলেকাৰ পৰা ড্ৰাগছ ব্যৱসায়ত জড়িত ১৪ জনকৈ লোকক আটক কৰাৰ লগতে 3.5 কেজি গাঞ্জাৰ লগতে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ দলে । উল্লেখযোগ্য যে, ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা পপু শইকীয়া আৰক্ষী থানাৰ পৰা পলায়নৰ চেষ্টা কৰে যদিও পুনৰ আৰক্ষী থানা চৌহদৰ পৰাই আটক কৰিবলৈ সক্ষম হয় ।

নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ড্ৰাগছ বিৰোধী অভিযানত একাংশ লোকে প্ৰশংসা কৰাৰ লগতে অনাগত দিনবোৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নিৰ্মাণৰ তিনি মাহৰ পাচতেই চপৰা চপৰে খহিল পৰিল এটা পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.