ETV Bharat / city

সষ্টম হৈছে লুট চক্ৰ, সাৱধান হওঁক নগাঁওবাসী ! - Nagaon Police Arrested Looted Gang Master Mind

অধিক সাৱধান হওঁক নগাঁওবাসী ! ঘৰত কাম কৰাৰ নামত সক্ৰিয় হৈ উঠিছে ধন, সম্পত্তি লুটপাত কৰা চক্ৰ। নগাঁও আৰক্ষীৰ জালত পৰিছে এনে এক চক্ৰৰ মাষ্টাৰ মাইণ্ড । গৃহস্থক অচেতন কৰি ধন, সম্পত্তি লুটি নিয়া বনকৰা যুৱতীও আৰক্ষীৰ জালত । ঘৰ ভাড়া দিলে আৰক্ষীক অৱগত কৰাৰ আহ্বান নগাঁও আৰক্ষীৰ । মুকলি কৰিলে হেল্পলাইন নম্বৰ ।

Nagaon Police Arrested Looted Gang
Nagaon Police Arrested Looted Gang
author img

By

Published : Sep 7, 2020, 10:43 PM IST

নগাঁও, 7 ছেপ্তেম্বৰ: ধনী পৰিয়ালক টাৰ্গেট কৰি ঘৰত কাম কৰাৰ নামত ধন সম্পত্তি লুটি নিয়াৰ উদ্দেশ্যে শেহতীয়াকৈ নগাঁৱত সক্ৰিয় হৈ পৰা এটা চক্ৰৰ মাষ্টাৰ মাইণ্ডক জালত পেলাবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে । শনিবাৰে নিশা নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ এটা পৰিয়ালৰ লোকক নিচাযুক্ত দ্ৰব্য খোৱাই অচেতন কৰি ধন সম্পত্তি লুটি নিছিল বনকৰা যুৱতীয়ে ।

এই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অভিযান চলাই বনকৰা যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে । নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ তৎপৰতাত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৈৰাবাৰীত আত্মগোপন কৰি থকা বনকৰা যুৱতী ফৰিদা আহমেদৰ লগতে এই ঘটনাৰ মাষ্টাৰ মাইণ্ড আহমেদ আলীকো কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

নগাঁও আৰক্ষীৰ জালত লুট চক্ৰৰ মাষ্টাৰ মাইণ্ড

জানিবলৈ পৰা মতে,দুয়োৰে ঘৰ নগাঁৱৰ ছিলঙনিত । ধৃত আহমেদ আলীৰ ঘৰতে সকলো ব্লু প্ৰিন্ট ৰচনা কৰা হৈছিল বুলি তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে । এই চক্ৰটোৰ সৈতে জড়িত আন সদস্য সকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

ইপিনে ঘৰ ভাড়া দিয়াৰ ক্ষেত্ৰতো নগাঁওবাসীক অধিক সতৰ্ক হ’বলৈ আহ্বান জনাইছে নগাঁও আৰক্ষীয়ে । ঘৰ ভাড়া দিয়াৰ সময়ত ভাড়াতিয়াৰ নাম, ঠিকনা আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় আৰক্ষীয়ে । এই সন্দৰ্ভত আৰক্ষীয়ে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰো । নগাঁও আৰক্ষীৰ 8724915419 নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনায় অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাই ।

লগতে চাওক-সাৱধান ! গৃহস্থক নিচাযুক্ত দ্ৰব্য খোৱাই বনকৰা যুৱতীয়ে লুটিলে সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.