ETV Bharat / city

বন্ধ হোৱাৰ আশংকাত নগাঁৱৰ এখন বিশেষ বিদ্যালয় - জাতিৰ পিতা মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ নামেৰে স্থাপিত বিদ্যালয়

এখন বিশেষ বিদ্যালয় বন্ধ হোৱাৰ আশংকাত এটা পিছপৰা অঞ্চলৰ ছাত্ৰী তথা অভিভাৱক । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ শূণ্য আছিল বিদ্যালয়খনৰ । জাতিৰ পিতা মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ নামেৰে থকা বিদ্যালয়খন বন্ধ হ'লে পুনৰ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব পিছপৰা অঞ্চলৰ ছাত্ৰীৰ ভৱিষ্যত । আন্তঃগাঁথনিও উন্নত বিদ্যালয়খনৰ ফলাফল শূণ্য হোৱাৰ আঁৰৰ কাহিনী কি? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন -

Nagaon Kasturba Gandhi to be closed
বন্ধ হোৱাৰ আশংকাত নগাঁৱৰ এখন বিশেষ বিদ্যালয়
author img

By

Published : Jun 16, 2020, 5:08 PM IST

নগাঁও, 16 জুন : জাতিৰ পিতা মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ নামেৰে স্থাপিত নগাঁৱৰ এখন বিদ্যালয়ক লৈ শংকিত চামগুৰিৰ লাওখোৱাৰ বহু ছাত্ৰীৰ লগতে অভিভাৱক । কাৰণ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূণ্য হোৱাৰ বাবেই বন্ধ হোৱাৰ আশংকাই দেখা দিছে বিদ্যালয়খন । প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ শূণ্য শতাংশ । আন্তঃগাঁথনিও যথেষ্ট উন্নত আবাসিক বিদ্যালয়খনত আছে দুমহলীয়া অট্টালিকাও । তথাপিও শূণ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।

বন্ধ হোৱাৰ আশংকাত নগাঁৱৰ এখন বিশেষ বিদ্যালয়

আধাতে বিদ্যালয় সামৰা ছাত্ৰীসকলকহে শিক্ষা দিয়া হয় বিদ্যালয়খনত । বিদ্যালয়খনৰ বাহিৰত জাক-জমক যদিও শৈক্ষিক ক্ষেত্ৰত নাই কোনো বিশেষ সা সুবিধা । কিতাপ অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰীসকল । নগাঁৱৰ লাওখোৱাৰ কস্তুৰবা বিদ্যালয়খনত আছে মুঠ ৯০ গৰাকী ছাত্ৰী । আছে ১১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী । ইয়াৰে আঠ গৰাকী পূৰ্ণকালীন আৰু তিনি গৰাকী অৰ্ধকালীন শিক্ষক । আছে ৰান্ধনী,চকীদাৰ,কেয়াৰটেকাৰ । ২০১২ চনতে স্থাপিত বিদ্যালয়খনৰ চাৰিগৰাকী ছাত্ৰী এইবাৰ প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত । কিন্তু উত্তীৰ্ণৰ হাৰ শূণ্য ।

শৈক্ষিকভাৱে পিছপৰা অঞ্চল বিশেষকৈ জনজাতীয় লোক,সংখ্যালঘু আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চলত ২০০৪ চনতে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে আৰম্ভ কৰিছিল বিদ্যালয়খন । উদ্দেশ্যে আছিল নাৰী শিক্ষাৰ উত্তৰণ । শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত, আধাতে শিক্ষা জীৱন সামৰা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ কন্যা সন্তানক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ বাবেই ৰাজ্যত ২০১৭-১৮ বৰ্ষ পৰ্যন্ত স্থাপন কৰা হৈছিল ৬৭ খন কস্তুৰবা বিদ্যালয় । সম্প্ৰতি সৰ্বশিক্ষা মিছনৰ অধীনত চলি আছে বিদ্যালয়সমূহ । সেই অনুসৰি নগাঁও জিলাত আছে ৫ খনকৈ কস্তুৰবা বালিকা বিদ্যালয় ।

পিছপৰা অঞ্চলৰ শিক্ষাৰ প্ৰতি আগ্ৰহ নথকা,দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালৰ কন্যা সন্তানৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে স্থাপিত বিদয়ালয়খন বন্ধ হ'লে কি হ'ব এই ছাত্ৰীসকলৰ ভৱিষ্যত? নিজ নিজ কন্যাৰ ভৱিষ্যতকলৈ এতিয়া শংকিত অভিভাৱকসকল ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.