ETV Bharat / city

ৰহাত আৰক্ষীৰ ওপৰত মৰেল পুলিচগিৰি

ৰহাত এইবাৰ গছত বান্ধি অত্যাচাৰ চলালে আৰক্ষীক ৷ এদল উন্মত্ত ৰাইজে আক্ৰমণ কৰাৰ লগতে চুলি কাটি দিয়ে আৰক্ষী বিষয়াগৰাকীৰ ৷

উন্মত্ত ৰাইজে চুলি কাটিলে আৰক্ষীৰ
ৰহাত আৰক্ষী বিষয়াক গছত বান্ধি অত্যাচাৰ
author img

By

Published : Jan 25, 2020, 9:55 AM IST

ৰহা, 25 জানুৱাৰী : নগাঁৱৰ ৰহাত সংঘটিত হ'ল এক অমানুষিক ঘটনা ৷ ৰহাৰ সৰিয়হতলী মিলনপুৰ গাঁৱত এক পাৰিবাৰিক ঘটনাৰ তদন্তত যোৱা আৰক্ষীক একাংশ উদণ্ড লোকে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এগৰাকী আৰক্ষী বিষয়াক গছত বান্ধি অত্যাচাৰ চলালে এদল উন্মত্ত ৰাইজে ৷ ঘটনাৰ ফলত আৰক্ষী বিষয়াগৰাকী গুৰুতৰভাৱে আহত হোৱাত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে ৷

উন্মত্ত ৰাইজে চুলি কাটিলে আৰক্ষীৰ

ঘটনাৰ বিৱৰণী অনুসৰি, মিলনপুৰ গাঁৱৰ হিৰকজ্যোতি নাথ নামৰ যুৱকজনে মাগুৰগাঁৱৰ কৃষ্ণ নাথৰ কন্যা মৌচুমী দেৱীক বিয়া কৰোৱাৰে পৰা মাতৃ ৰীণা দেৱীৰ সৈতে লগ হৈ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল । উপায়ন্তৰ হৈ মৌচুমীৰ পিতৃ কৃষ্ণ নাথে চাপৰমুখ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । তাৰ ভিত্তিতে শুকুৰবাৰে চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাই দুজন কনিষ্টবলক লগত লৈ হীৰকজ্যোতিৰ ঘৰত উপস্থিত হৈছিল । কিন্তু একাংশ পুৰুষ-মহিলাই আৰক্ষী বিষয়া প্ৰফুল্ল বৰাই মদ্যপান কৰি মহিলাৰ ওপৰত হাত দিয়াৰ অভিযোগ তুলি হাতে-ভৰিৰে বান্ধি প্ৰহাৰ কৰাৰ লগতে একাংশই আৰক্ষী বিষয়াগৰাকীৰ চুলি কাটি দিয়ে

ৰহাত আৰক্ষী বিষয়াক গছত বান্ধি অত্যাচাৰ

উন্মত্ত লোকসকলে লগত যোৱা কনিষ্টবল দুজনকো আক্ৰমণ কৰে । পাচত ৰহা থানাৰ আন এটা দল উপস্থিত হৈ গুৰুতৰভাৱে আহত প্ৰফুল্ল বৰাক উদ্ধাৰ কৰাৰ লগতে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পাচত তেওঁক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, হিৰকজ্যোতি আৰু তেওঁৰ পৰিয়ালৰ লোকেও আৰক্ষী বিষয়াগৰাকীক আক্ৰমণ কৰে ৷

আৰু পঢ়ক : মাহৰ দাইল আৰু কণীৰে নিৰ্মিত এটা পৌৰাণিক মন্দিৰ

Intro:ৰহাত আৰক্ষী বিষয়াক গছত বান্ধি , চুলি কাটি অমানুষিক অত্যাচাৰ মৰেল পুলিচৰ Body:
পুলিচৰ ওপৰত মৰেল পুলিচৰ দাদাগিৰি! আৰক্ষীক বান্ধি প্ৰহাৰ কৰিলে উন্মত্ত ৰাইজে। চলিল আক্ৰমণ। নগাঁও জিলাৰ ৰহাৰ সৰিয়হতলী মিলনপুৰ গাৱঁত এক পাৰিবাৰিক ঘটনাৰ তদন্তত যোৱা আৰক্ষীক একাংশ উদণ্ড লোকে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন অসহায় আৰক্ষী বিষয়াক কিয় এনেদৰে বান্ধি, চুলি কাটিলে? ঘটনাটো সম্পূৰ্ণ পাৰিবাৰিক। ৰহাৰ সৰিয়হতলী মিলনপুৰ গাৱঁৰ হীতকজ্যোতি নাথ নামৰ যুৱকজনে গোপনে বিয়া কৰিছিল ৰহাৰ মাগুৰগাৱঁৰ কৃষ্ণ নাথৰ কন্যা মৌচুমী দেৱীক।অভিযোগ অনুসৰি বিয়াৰ এবছৰৰ পিচৰে পৰা হীৰক আৰু মাতৃ ৰীণা দেৱীয়ে মৌচুমীৰ ওপৰত নানাধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল। উপায়ন্ত হৈ মৌচুমীৰ পিতৃ কৃষ্ণ নাথে চাপৰমুখ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । তাৰ ভিত্তিতে শুক্ৰবাৰে চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাই দুজন কণিষ্টবলক লগত লৈ মিলনপুৰৰ হীৰকজ্যোতিৰ ঘৰত উপস্থিত হৈছিল। কিন্তু একাংশ পুৰুষ- মহিলাই আৰক্ষী বিষয়া প্ৰফুল্ল বৰাই মদ্যপান কৰি মহিলাৰ ওপৰত হাত দিয়াৰ অভিযোগ তুলি হাতে - ভৰিৰে বান্ধি প্ৰহাৰ কৰাৰ লগতে একাংশ মহিলাই আৰক্ষী বিষয়াগৰাকীৰ চুলি কেঁচীৰে কাটি দিয়ে। উন্মত্ত লোকসকলে লগত যোৱা কনিষ্টবলকো আক্ৰমণ কৰে। পিচত ৰহা থানাৰ আন এটা আৰক্ষী দল গৈ আটাইকে উদ্ধাৰ কৰি আনি গুৰুতৰভাৱে আহত চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰফুল্ল বৰাক নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। পিছে বিষয়াজনৰ উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই। কিন্তু স্থানীয় ৰাইজৰ ভাষ্যৰ বিপৰীতে প্ৰত্যক্ষদৰ্শী লোকৰ ভাষ্য শুনক। প্ৰত্যক্ষদৰ্শীৰ মতে, তদন্তকাৰী আৰক্ষী বিষয়াক আক্ৰমণ কৰিছিল স্বামীৰ-শাহুৱেক আৰু একাংশ উন্মত্তলোকে। য'ত আৰক্ষীয়ে নিজে দিব নোৱাৰিলে নিজৰ নিৰাপত্তা। অৱশ্যে কোন সঁচা-কোন মিছা আৰক্ষীৰ উচ্চ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব। চাওক এই দৃশ্যবোৰ।

Byte - কৃষ্ণ নাথৰ বন্ধু

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰ
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.