ETV Bharat / city

সত্য ঘটনাক গাপ দিয়াৰ চেষ্টা বিধায়িকা আঙুৰলতাৰ - মুখ্যমন্ত্ৰী

এটা ফেচবুক প'ষ্টক লৈ উত্তাল হৈ পৰিছে বটদ্ৰৱা সমষ্টি । অৱশেষত বিজেপি দল এৰিবলৈ বাধ্য হ'ল পুখুৰী লীজত লোৱা এটা সময়ৰ বিজেপি দলৰ সক্ৰিয় সদস্য ৰাহুক মেধিয়ে।

MLA Angurlata Deka Held Pressmeet At Nagaon
সত্য ঘটনাক গাপ দিয়াৰ চেষ্টা বিধায়িকা আঙুৰলতাৰ
author img

By

Published : Aug 9, 2020, 8:07 PM IST

নগাঁও, 9 আগষ্টঃ ফেচবুকত সত্য উন্মোচন কৰি দল এৰিবলগীয়া হ'ল এজন বিজেপি কৰ্মীয়ে । বিজেপি কৰ্মীজনৰ পুখুৰীক ৰাজহুৱা পুখুৰী বুলি মুখ্যমন্ত্ৰীক দেখুৱাই বাঃ বাঃ লোৱাৰ অভিযোগ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে। অভিযোগ ঢাকিবলৈ বিধায়িকা আঙুৰলতা ডেকাই আয়োজন কৰিলে সংবাদ মেল ।

উল্লেখ্য যে, ৬ আগষ্টত নগাঁও জিলাত কেইবাটাও কাৰ্য্যসূচী লৈ বটদ্ৰৱাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উপস্থিত হৈ সোণোৱালে পৰিদৰ্শন কৰে চৰকাৰৰ 'ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ' আঁচনিৰ পুখুৰী । আনহাতে বিধায়িকা আঙুৰলতা ডেকাই আত্মসহায়ক গোটৰ পুখুৰী বুলি দেখুৱালে এজন যুৱকে লীজত লৈ ব্যক্তিগতভাৱে মৎস্য পালন কৰা আন এটা পুখুৰীহে ৷ ইফালে মুখ্যমন্ত্ৰীয়েও বিধায়িকাগৰাকীকো দিলে বাঃ বাঃ ৷

কিন্তু এটা ফেচবুকৰ পোষ্টৰ জৰিয়তে ওলাই পৰিল জোলোঙাৰ মেকুৰী ৷ ঘটনা অনুসৰি মুখ্যমন্ত্ৰীক দেখুওৱা পুখুৰীটো আছিল বিজেপি দলৰে এজন দলীয় কৰ্মী ৰাহুল মেধিৰ ৷ মেধিয়ে 3 বছৰলৈ লীজত লৈছিল পুখুৰীটো । ইতিমধ্যে পুখুৰীতো 2 বছৰ 2 মাহ অতিক্ৰমো কৰিছে ম্যাদ শেষ হ'বলৈ বাকী আছে 10 মাহ ৷ ইফালে বিধায়িকাগৰাকীৰ এনে কাণ্ডত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰে বিজেপি কৰ্মী ৰাহুল মেধি । ফেচবুকৰ জৰিয়তে দিলে সমগ্ৰ ঘটনাৰ বিৱৰণ ।

MLA Angurlata Deka Held Pressmeet At Nagaon
সত্য ঘটনাক গাপ দিয়াৰ চেষ্টা বিধায়িকা আঙুৰলতাৰ

কেৱল চমক সৃষ্টিৰ ৰাজনীতিত সিদ্ধহস্ত বিধায়িকা আঙুৰলতা ডেকাই এতিয়া নিজৰ নাক বচাবলৈ তৎকালীনভাৱে আয়োজন কৰিলে সংবাদ মেল । মীন বিভাগৰ বিষয়াক লগত লৈ সংবাদ মেলৰ আয়োজন কৰি স্পষ্টীকৰণ দিয়াৰ চেষ্টা কৰাৰ লগতে বিজেপি কৰ্মী ৰাহুল মেধিক অপসাৰণ কৰাৰ কথাও উল্লেখ কৰে । ফেচবুকত বিধায়িকা গৰাকীৰ ক্ৰেডিট লোৱা ৰাজনীতি উন্মোচন কৰি বাঃ বাঃ লোৱা ঘটনাটোৰ পিছতেই অৱশেষত বিজেপি দল এৰিবলৈ বাধ্য হ'ল ৰাহুক মেধি ।

ক্ৰমান্বয়ে বটদ্ৰৱাত জনসমৰ্থন হেৰুওৱা বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে যে এতিয়া সমষ্টিটোৰ বহু বিজেপি কৰ্মীও ক্ষুণ্ণ হৈছে সেই কথাই স্পষ্ট হৈছে খোদ বিজেপি কৰ্মীয়ে দিয়া ফেচবুক পষ্টটোতেই ধৰা পৰিছে ।

লগতে পঢ়ক- বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.