ETV Bharat / city

১০ কোটি টকাৰে নিৰ্মাণ হ'ব বটদ্ৰৱা হেকুদাংবড়ী সংযোগী পথঃ আঙুৰলতা

author img

By

Published : Jun 20, 2020, 5:45 PM IST

বটদ্ৰৱাৰ ঘুমতি গাঁৱৰ নাম ঘৰত বন্তি প্ৰজ্বলন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ৷ লগতে এটি ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া আধাৰ শিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে ৷

MLA Angurlata Deka Attended At Nagaon Batadrava
১০ কোটি টকাৰে নিৰ্মাণ হ'ব বটদ্ৰৱা হেকুদাংবড়ী সংযোগী পথঃ আঙুৰলতা

বটদ্ৰৱা, 20 জুনঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ঘূমতি গাঁৱত উপস্থিত হয় বিধায়িকা আঙুৰলতা ডেকা ৷ "পৰজনমৰ শুভ লগনত" শীৰ্ষক গীত গাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলী জনাই বিধায়িকা আঙুৰলতা ডেকাই ।

সমগ্ৰ ৰাজ্যৰ লগতে শনিবাৰে বটদ্ৰৱাৰ ঘূমতি গাঁৱত বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন কৰে ৷ মহান শিল্পী গৰাকীক বিধায়িকা আঙুৰলতাই বন্তি প্ৰজ্বলন,পুস্পাঞ্জলি অৰ্পণ কৰি শিল্পী গৰাকীৰ সৃষ্টি ৰাজিক স্মৰণ কৰি "পৰজনমৰ শুভ লগনত" শীৰ্ষক গীত গাই শ্ৰদ্ধা নিবেদন কৰে ।

ইফালে সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণাৰ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰি নেতৃত্ব দিয়া অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনা কৰি বটদ্ৰৱা সমষ্টিৰ ঘুমতি গাঁৱৰ ৰাইজে গাওঁখনৰ নামঘৰত শতাধিক বন্তি প্ৰজ্বলন কৰে। লগতে বটদ্ৰৱাৰ সমষ্টিৰ দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা ভালুকমাৰীৰ পৰা কপাহেৰা হৈ হেকুদাংবড়ী সংযোগী পথটিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া পথটি চিগনেচাৰ প্ৰকল্পৰ জড়িয়তে নিৰ্মাণ হ'ব বুলি বিধায়িকা গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে ৷

লগতে পঢ়ক- বিলাসীপাৰা প্ৰেছ ক্লাৱত কলাগুৰুক সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.