ETV Bharat / city

পৰ্টেলৰ নামত মানুহক আৰু ব্লেকমেইলিং কৰিব নোৱাৰিব: পীয়ুষ হাজৰিকা

author img

By

Published : Dec 15, 2021, 10:50 PM IST

কংগ্ৰেছ এতিয়া শেষ । দুই তিনিবাৰকৈ হাৰি যোৱা লোকেহে দিয়ে কংগ্ৰেছৰ প্ৰশিক্ষণ । শ্বেৰমান আলীক বিজেপিয়ে জেললৈ পঠিয়াইছে, বিজেপিত লোৱাৰ কথাই নাহে ৷ বুধবাৰে নগাঁৱত উপস্থিত হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছ দলক এনেদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

Pijush Hazarika visit Nagaon
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা

নগাঁও, 15 ডিচেম্বৰ : কংগ্ৰেছে যিমানেই প্ৰশিক্ষণ নলওক একো লাভ নাই । কাৰণ কংগ্ৰেছত প্ৰশিক্ষণ(Congress training Programmes) দিয়া মানুহৰে অৱস্থা বেয়া । কংগ্ৰেছ এতিয়া শেষ । সমগ্ৰ দেশতে এতিয়া কংগ্ৰেছৰ অৱস্থা তথৈবচ । দুই তিনিবাৰকৈ পৰাজিত হোৱা লোকেহে কংগ্ৰেছত পায় পদবী । আনকি কংগ্ৰেছত এতিয়া দুই তিনিবাৰকৈ পৰাজিত হোৱা লোকেহে দিয়ে প্ৰশিক্ষণ । ৰাজ্য চৰকাৰৰ জনসংযোগ, জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা(Pijush Hazarika visit Nagaon)ই বুধবাৰে নগাঁৱত উপস্থিত হৈ কংগ্ৰেছ দলক এনেদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা

উল্লেখ্য যে, নগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ বিধায়ক সকলক লগত লৈ বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই । বিৰোধী কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী হাজৰিকাই অসমত আৰু বহু যুগলৈ কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে বুলি কটাক্ষ কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কংগ্ৰেছত নাই এতিয়া এজনো যোগ্য নেতা নাই । যি দুই এজন যোগ্য নেতা আছে তেওঁলোকক কোনো সুবিধা দিয়া নহয় । ঠেলি-হেচি আঁতৰাই ৰখা হয় কংগ্ৰেছৰ যোগ্য নেতাসকলক । গৰুখুটিৰ উচ্ছেদৰ প্ৰসংগ উল্লেখক কৰি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো কঠোৰ ভাষাৰে কটাক্ষ কৰে ৷ আনহাতে বিধায়ক শ্বেৰমান আলী সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই । মন্ত্ৰীগৰাকীয়ে শ্বেৰমান আলীক বিজেপিয়ে জেললৈ পঠিয়াইছে বুলিও মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, শ্বেৰমান আলীৰ দৰে নেতাক বিজেপিয়ে কোনো দিনেই গ্ৰহণ নকৰে । ইপিনে ৱেব পৰ্টেলৰ প্ৰসংগও উল্লেখ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, পৰ্টেলে মানুহক আৰু ব্লেকমেইলিং কৰিব নোৱাৰিব । ৱেব পৰ্টেলক লৈ অতি শীঘ্ৰেই আইন অনা হ'ব । পৰ্টেল বন্ধ কৰা নহয় । কিন্তু সকলো নীতি নিয়মৰ মাজেৰেহে চলিব পৰিব ৱেব পৰ্টেলসমূহ । ৱেবপৰ্টেলৰ ক্ষেত্ৰত কি কৰিব, কি নিয়ম থাকিব সেয়াও উল্লেখ কৰিলে জনসংযোগ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

লগতে পঢ়ক : মমতা বেনাৰ্জীয়ে বি জে পিৰ বি টীম হিচাপে কাম কৰি আছে : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.