ETV Bharat / city

নামভৰ্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা সমস্যা সামাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক আছুৰ আহ্বান

ৰাজ্যৰ শিক্ষা বিভাগে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিছে ৷ কিন্তু তাৰ পাচতে সৃষ্টি হৈছে ব্যাপক সমস্যাৰ ৷ শিক্ষানুষ্ঠানত আসন বিছাৰি হাহাকাৰ কৰিব লগীয়া হৈছে ছাত্ৰ-ছাত্ৰীয়ে ৷ বিমোৰত পৰিছে শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষ ৷

নামভৰ্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা সমস্যা সামাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক আছুৰ আহ্বান
নামভৰ্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা সমস্যা সামাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক আছুৰ আহ্বান
author img

By

Published : Sep 11, 2021, 7:03 PM IST

কলিয়াবৰ,11 ছেপ্তেম্বৰ: ৰাজ্যত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা এইবাৰ অনুষ্ঠিত নকৰিলে চৰকাৰে ৷ যাৰ ফলস্বৰূপে মূল্যায়ণ পদ্ধতিৰে ছাত্ৰ-ছাত্ৰী সকলক উৰ্ত্তীণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল চৰকাৰ খনে ৷

যাৰ ফলত এইবেলি পূৰ্বৰ তুলনাত দুয়োটা পৰীক্ষাতে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰী সকলে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত নামভৰ্তি কৰিবলৈ গৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠান কৰ্তৃপক্ষ বিপাঙত পৰিছে ৷ কিয়নো শিক্ষানুষ্ঠানত আসনৰ সংখ্যা তেনেই সীমিত ৷

নামভৰ্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা সমস্যা সামাধান কৰিবলৈ শিক্ষা মন্ত্ৰীক আছুৰ আহ্বান

লগতে পঢ়কঃ ৰাজ্যত 24 ঘন্টাই বিদ্যুৎ সেৱা লাভ কৰিবলৈ সময় লাগিব 8 পৰা 10 বছৰ : বিমল বৰা

আনহাতে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই এই পৰ্যন্ত আসন বঢ়োৱালৈ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই । যাৰ বাবে স্থানীয় তথা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলেও ঘৰৰ পৰা নিলগত থকা বিদ্যালয়ত পঢ়াৰ ক্ষেত্ৰটো যথেষ্ট অসুবিধাৰ সন্মুখীন সৃষ্টি হোৱা দেখা গৈছে ।

তাৰ মাজতে নতুনকৈ নামভৰ্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা এই বৃহৎ সমস্যাটো সামাধন কৰিবৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুলৈ কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিৰণ্য কুমাৰ চলিহাৰ জৰিয়তে এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে ৷

ইপিনে স্মাৰক প্ৰত্ৰ গ্ৰহণ কৰি বৰ্তমান সময়ত নামভৰ্তিক লৈ সৃষ্টি হোৱা সমস্যা সমাধানৰ বাবে আহ্বান জনাই কলিয়াবৰ আছুৱে শিক্ষা মন্ত্ৰীলৈ প্ৰদান কৰা স্মাৰক প্ৰত্ৰখন অতি শীঘ্ৰে ডাঃ ৰণোজ পেগুক প্ৰদান কৰিব বুলি জনাই ৷ একেদৰে আছুৰ প্ৰতিনিধি দলটোৰ সৈতেও এই সমগ্ৰ বিষয়টোৰ ওপৰত আলোচনা কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ৷

লগতে পঢ়কঃ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ প্ৰতি মৰাণত শ্ৰদ্ধাঞ্জলি AJYCP ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.