ETV Bharat / city

পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আম আদমী পাৰ্টীয়ে

author img

By

Published : May 15, 2022, 6:56 PM IST

নগাঁৱত যথেষ্ট সংখ্যক লোকে যোগদান কৰিলে আম আদমী পাৰ্টীত (Mass joining of AAP in Nagaon) ৷ নিৰ্বাচনত প্ৰাকক্ষণত এই বৃহৎ সংখ্যক সদস্যৰ যোগদানে বহন কৰিছে বিশেষ তাৎপৰ্য ৷

many-people-join-aap-in-nagaon
নগাঁৱত আপত যোগদান বহুলোকৰ

নগাঁও, 15 মে’: সম্প্ৰতি দল সলনিৰ ধাৰাবাহিকতা অব্যাহত আছে অসমৰ ৰাজনীতিত । কিন্তু ইয়াৰ মাজতে, দেওবাৰে নগাঁৱত পূৰ্বে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নথকা কেইবাশতাধিক লোকে যোগদান কৰে আম আদমী পাৰ্টীত (Mass joining of AAP in Nagaon) ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য ৰাজনৈতিক দলৰ লগতে কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ লগতে নগাঁৱতো দলীয় ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে দলটোৰ সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ৷

নগাঁৱত আপত যোগদান বহুলোকৰ

ইফালে, দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে একেদিনাই দলটোৰ নগাঁও জিলা সমিতিৰ উদ্যোগত শ্বহীদ ভৱনত জিলাখনৰ বিভিন্ন আঞ্চলিকৰ কৰ্মীসকলৰ সৈতে এখন আলোচনা সভা অনুষ্ঠিত হয় ।

সভাত উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিটো ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব (AAP to fight in Assam Panchayat election) বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে আম আদমী পাৰ্টীৰ (Aam Aadmi Party) নগাঁও জিলা সভাপতি ৰূপম গোস্বামীয়ে । এই যোগদান কাৰ্যসূচীত দলটোৰ বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : আলফা স্বাধীনে প্ৰত্যাহাৰ কৰিলে সঞ্জয় কিষাণৰ বিৰুদ্ধে আৰোপিত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.