বটদ্ৰৱা, ২৮ এপ্ৰিল: এটা ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা সাংবাদিকৰ দলক বটদ্ৰৱা থানাৰ আৰক্ষী কনকেশ্বৰ দাসে অশ্লীল গালি - গালাজ পাৰি লক আপত ভৰাই থোৱাৰ ভাবুকি দিয়ে । অঞ্চলটোত চলি থকা বিভিন্ন অনৈতিক কাৰ্যৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীজনৰ বিৰুদ্ধে । এইদৰে অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ কেইবাবাৰো ৰাইজৰ ৰোষত পৰিছে কনকেশ্বৰ দাস । প্ৰায়ে অপৰাধীৰ পক্ষ লোৱা এই দুৰ্নীতিগ্ৰস্ত আৰক্ষী গৰাকীৰ তাণ্ডৱত এতিয়া থানালৈ আহিবলৈ ভয় কৰে সৰ্বসাধাৰণ ৰাইজে ।
ইয়াৰ ফলত অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈ পৰিছে বটদ্ৰৱা থানা । জুৱা, ড্ৰাগছকে ধৰি বিভিন্ন অনৈতিক কাৰ্যৰ ঘাটিতো পৰিণত হৈছে গুৰুজনাৰ পৱিত্ৰ তীৰ্থস্থান বটদ্ৰৱা ।