বঢ়মপুৰ, 29 জুলাই : কামপুৰত কপিলী নদীৰ বালি মহলৰ অবৈধ খননৰ বিৰুদ্ধে শুকুৰবাৰে শতাধিক পুৰুষ-মহিলাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(Local People Protest Against Illegal sand mining) । কামপুৰ-যমুনামুখ সংযোগী পথৰ ৩নং ৰেলগেটৰ সমীপত থকা কপিলী নদীৰ বালি মহলত অবৈধ বালি মেচিন বহুৱাই খনন কৰা কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে(Illegal sand mining at Kapili river) । বালি মহলটোত অবৈধভাৱে মেচিন লগাই বালি তুলি কপিলী নৈৰ খহনীয়া বৃদ্ধি কৰাৰ লগতে বাট-পথ বিধ্বস্ত কৰি তোলাৰ অভিযোগ কৰে স্থানীয় লোকসকলে ৷
প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই কপিলী নৈত চলা এই অবৈধ খনন বন্ধ কৰাৰ দাবী জনায় ৷ তেওঁলোকে শীঘ্ৰে মেচিনেৰে বালি তোলা বন্ধ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ ৰাভা নামৰ এজন বনিয়াই ওপৰ মহলক মেনেজ কৰি এই মহলটোত অবৈধভাৱে মেচিন চলাই থকাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৷
লগতে পঢ়ক : Water mixed with petrol: পেট্ৰ’ল পাম্পত পেট্ৰ’লৰ বিপৰীতে ওলাল বাল্টিয়ে বাল্টিয়ে পানী