নগাঁও, 6 নৱেম্বৰ : নগাঁৱৰ চামগুৰিৰ চাপানলাত এটা নাহৰফুটুকীয়ে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে ৷ উল্লেখ্য যে, মঙলবাৰে নিশাৰ ভাগত বন বিভাগৰ তহলদাৰী দলে প্ৰকাণ্ড নাহৰফুটুকীটো প্ৰত্যক্ষ কৰে ৷ চাপানালাৰ পাহাৰৰ পৰা আহি জনাঞ্চলত মুক্ত বিচৰণ কৰিছিল নাহৰফুটুকীটোৱে। বন বিভাগৰ তহলদাৰী দলৰ মুখামুখী হোৱাৰ সময়তে নাহৰফুটুকীটো ম'বাইলৰ কেমেৰাত বন্দী কৰা হয় ৷ পিচত অৱশ্যেনিশাৰ ভাগতে নাহৰফুটুকীটোক নিৰাপদ স্থানলৈ খেদি পঠিয়াই বন বিভাগে ৷
আৰু পঢ়ক : কাৰ্যালয়ত জীৱন্তে জ্বলাই দিয়া হ'ল মৌজাদাৰক !