ETV Bharat / city

Child Labour Allegation : নগাঁৱত পুনৰ শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

author img

By

Published : Dec 20, 2021, 4:04 PM IST

নগাঁৱত পুনৰ শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন(Child Labour Allegation at Nagaon) ৷ মালিকৰ নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা পলায়ন কিশোৰজনৰ । এই বিষয়ে অৱগত হোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে বীৰ লাচিত সেনা ৷

lachit-sena-forces-shop-to-down-shutter-over-child-labour-allegation
নগাঁৱত পুনৰ শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

নগাঁও, 20 ডিচেম্বৰ : আকৌ বিতৰ্কত বীৰ লাচিত সেনা ৷ কিছুদিন আগত যোৰহাটত এখন অনা-অসমীয়া দোকান বন্ধ কৰে এই সংগঠনটোৱে ৷ পুনৰ নগাঁৱৰ অনা-অসমীয়া মালিকাধীন এখন মিঠাইৰ দোকান বন্ধ কৰাৰ প্ৰতিবাদত দেওবাৰে প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷

উল্লেখ্য যে, নগাঁৱত শ্ৰমিক হিচাপে ৰখা এটি কিশোৰক অকথ্য নিৰ্যাতন(Child labour allegation at Nagaon)ৰ অভিযোগ উত্থাপিত হৈছে । নিৰ্যাতন সহিব নোৱাৰি কাম এৰিবলৈ বাধ্য হয় কিশোৰ শ্ৰমিকজনে । শিশু শ্ৰমিকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো মুখাপিন্ধা একাংশই শিশু শ্ৰমিক ৰখাই নহয়, শিশু শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱাৰ ঘটনা সংঘটিত হৈয়েই আহিছে ।

ঘটনা অনুসৰি, নগাঁৱৰ এ টি ৰোডস্থিত পুৰণা জয়শ্ৰী চিনেমা হলৰ সমীপৰ আদিত্য ষ্টোৰ নামৰ মিঠাইৰ দোকানত এজন পোন্ধৰ বছৰীয়া কিশোৰে বিগত দুমাহ ধৰি কৰ্মচাৰী হিচাপে কামত নিয়োজিত হৈ আহিছিল । কিশোৰজনে ব্যৱসায় প্ৰতিষ্ঠানটোত কাম কৰাৰ উপৰিও প্ৰতিষ্ঠানটোৰ মালিকৰ বিভিন্ন ধৰণৰ ঘৰুৱা কাম-কাজো কৰিছিল ৷

এই কাৰ্যত আপত্তি কৰাৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানটোত চুৰি কৰাৰ অপবাদ দি মিঠাইৰ দোকানখনৰ অনা অসমীয়া মালিকজনে কোনো কাৰণ নোহোৱাকৈ মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰে কিশোৰজনে(Child Labour assaulted in Nagaon) ৷ লগতে সময়মতে প্ৰাপ্ত মজুৰি আদায় নিদিয়াৰো অভিযোগ উত্থাপন হৈছে অনা-অসমীয়া মালিকজনৰ বিৰুদ্ধে ।

নগাঁৱত পুনৰ শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

এনে অকথ্য নিৰ্যাতন সহিব নোৱাৰি ভুক্তভোগী শিশু শ্ৰমিকজনে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ কাষ চাপি ঘটনা সম্পৰ্কে অৱগত কৰে । সমস্ত ঘটনা অৱগত হোৱাৰ পিছত জয়শ্ৰী চিনেমা হলৰ সমীপৰ এই মিঠাইৰ দোকানখনৰ বিৰুদ্ধে বীৰ লাচিত সেনাই নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ ইতিমধ্যে বীৰ লাচিত সেনাৰ একাংশ সদস্য‌ই আদিত্য ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ মালিকৰ দ্বাৰা এনে অমানৱীয় কাৰ্যত ক্ষোভিত হৈ ব্যৱসায়িক প্ৰতিষ্ঠানটো ঘেৰাও কৰে(Lachit sena forces shop to down shutter) ৷

ইয়াৰোপৰি মিঠাইৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানটো বন্ধ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী ধ্বনি দি পৰিৱেশ উত্তপ্ত কৰি তোলে সংগঠনটোৱে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইতিমধ্যে, ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Domestic violence in Assam: স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.