ETV Bharat / city

‘‘কলিয়াবৰ সমষ্টিৰ বাবে এজন দক্ষ নেতাৰ প্ৰয়োজন’’ - কলিয়াবৰ সমষ্টি

ৰাইজে যদি সমষ্টিটোৰ উন্নয়ন বিচাৰে গৌৰৱ গগৈক ভোট নিদিবঃ কোঁচ ৰাজবংশী সন্মিলনী

etv bharat
author img

By

Published : Apr 4, 2019, 8:27 AM IST

নগাঁও, 4 এপ্ৰিল: কলিয়াবৰ সমষ্টিটোৰ বাবে প্ৰয়োজন এজন দক্ষ ব্যক্তিৰ ৷ গৌৰৱ গগৈ সমষ্টিটোৰ বাবে উপযুক্ত প্ৰাৰ্থী নহয় ৷ ৰাইজে যদি সঁচাকৈয়ে সমষ্টিটোৰ উন্নয়ন বিচাৰিছে তেনেহ’লে আগন্তক লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক ভোট দিয়াৰ পৰা বিৰত থাকক ভোটাৰ ৰাইজ ৷ বুধবাৰে কলিয়াবৰত এখন সংবাদমেল সম্বোধন কৰি এইদৰে ৰাইজক আহ্বান জনায় কোঁচ- ৰাজবংশী সন্মিলনী সংগঠনটোৱে ৷

কলিয়াবৰত কোঁচ- ৰাজবংশী সন্মিলনীৰ সংবাদমেল

সংবাদমেলত বিজেপিক প্ৰশংসা কৰি সংগঠনটোৱে কয় যে, বিজেপি চৰকাৰে জনজাতিকৰণৰ বিষয়টোও যথেষ্ট আগুৱাই থৈছে ৷ আগন্তুক দিনত বিজেপি চৰকাৰ আহিলে জনজাতিকৰণৰ বিষয়টো সমাধান হ'ব ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছক উদ্দেশ্যি সংগঠনটোৱে কয় যে, জনজাতিকৰণৰ ক্ষেত্ৰত সংসদৰ মজিয়াত মৌন আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সাংসদ গৌৰৱ গগৈ ৷ কংগ্ৰেছ আৰু এআইইউডিএফ ৰ মাজত আদৰ্শগত পাৰ্থক্য নাই বুলি দলটোক কটাক্ষ কৰাৰ লগতে, ৰাজনীতিৰ পৰা অৱসৰ ল’বলৈহে তৰুণ গগৈক আহ্বান জনায় কোঁচ ৰাজবংশী সন্মিলনীয়ে ৷

ইফালে, কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱাৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তকহে আগন্তক লোকসভা নিৰ্বাচনত ভোট দিয়াৰ আহ্বান সংগঠনটোৰ ৷

Intro:কোঁচ ৰাজবংশীৰ কলিয়াবৰ লোকসভা সমষ্টিত গৌৰৱ গগৈক ভোট নিদিয়াৰ আহ্বান
মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দিয়াৰ আহ্বান
কলিয়াবৰ কোঁঁচৰাজবংশী সন্মিলনীৰ সংবাদমেল
কলিয়াবৰত বুধবাৰে সম্বোধন সংবাদমেল সংবাদমেলৰ জৰিয়তে জনজাতিকৰণৰ স্বাৰ্থত কংগ্ৰেছৰ বিৰোধীতা Body:বুধবাৰে কলিয়াবৰত এক সংবাদমেলযোগে কংগ্ৰেছ দল আৰু তৰুণ গগৈ, গৌৰৱ গগৈৰ বিৰুদ্ধে গৰজি উঠিল নগাওঁ-কলিয়াবৰ কোচঁ ৰাজবংশী সন্মিলনী। কোচঁ-ৰাজবংশী সন্মিলনীৰ অভিযোগ – গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হ'লে সমষ্টি বহু পিছুৱাই যাব। গৌৰৱ গগৈক ভোট নিদিয়াবলৈ আহ্বান জনালে কোঁচ-ৰাজবংশী সন্মিলনীয়ে। জনজাতিকৰণৰ ক্ষেত্ৰত সংসদৰ মজিয়াত তৰুণ গগৈ, গৌৰৱ গগৈয়ে কোনো মাত নমতাৰ অভিযোগ উত্থাপন কৰে সংবাদমেলত। কংগ্ৰেছ-এ. আই. ইউ. ডি. এফ.ৰ মাজত পাৰ্থক্য নাই। কিন্তু বিজেপিৰ জয়গান গাই সন্মিলনীয়ে কয় – বিজেপি চৰকাৰে জনজাতিকৰণৰ বিষয়টো যথেষ্ট আগুৱাই থৈছে আৰু চৰকাৰ আহিলে বিষয়টো সমাধান হ'ব। তৰুণ গগৈক নীতিহীন বুলি সমালোচনা কৰি ৰাজনীতিৰ পৰা অৱসৰৰ আহ্বান জনালে কোঁঁচ-ৰাজবংশী সন্মিলনীয়ে। কলিয়াবৰ লোকসভা সভা সমষ্টিৰ দুই লক্ষাধিক কোঁঁচ-ৰাজবংশী ভোটাৰক গৌৰৱ গগৈক ভোট নিদিবলৈ আহ্বান জনায়। সন্মিলনীয়ে মিত্ৰজোটঁৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দিবলৈ আহ্বান জনায়।Conclusion:visuals/press meet
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.